IPL In Guwahati : গুৱাহাটীত অনুষ্ঠিত হ’ব লগা আইপিএলৰ মেচ দুখনৰ সম্পৰ্কত অসম ক্ৰিকেট সন্থাৰ সভাপতিৰ মন্তব্য - গুৱাহাটীত অনুষ্ঠিত হ’ব লগা আইপিএল
ডিব্ৰুগড়, 20 ফেব্ৰুৱাৰী : ক্ৰীড়া প্ৰেমী ৰাইজৰ বাবে সুখবৰ । গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দুখনকৈ মেচ ( IPL in Barsapara Cricket Stadium) ৷ এই কথা সদৰি কৰিলে অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে ( MLA Tarang Gogoi )। ৰাজস্থান ৰয়েলছে হ'ম গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিবলগীয়া এই টুৰ্ণামেণ্টখনত ৫ এপ্ৰিলৰ দিনা ৰাজস্থান ৰয়েলছে পাঞ্জাৱ কিংছ ইলেভেন আৰু ৮ এপ্ৰিলৰ দিনা দিল্লী কেপিটেলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে ।
ইফালে মাৰ্চ মাহৰ শেষৰ ফালে ৰাজস্থান ৰয়েলছৰ দলটো বৰ্ষাপাৰা ষ্টেডিয়ামত অনুশীলনৰ উদ্দেশ্য উপস্থিত হ'ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে বিধায়কগৰাকীয়ে । এপ্ৰিল অৰ্থাৎ ব'হাগ বিহুৰ সময়ত অনুস্থিত হ'বলগা এই খেলকেইখনৰ টিকট ক’ত কেনেকৈ উপলব্ধ হ'ব তাৰ বাবে অসম ক্ৰিকেট সন্থাই ৰাজস্থান ৰয়েলছৰ কৰ্তৃপক্ষৰ সৈতে বৈঠক অনুষ্ঠিত কৰি সংবাদ মেলৰ জৰিয়তে ৰাজহুৱা কৰিব বুলি সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে ।
লগতে অসম ক্ৰিকেট সন্থাৰ সভাপতি গৰাকীয়ে এইবাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দুখনকৈ মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ পিছতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ষ্টেডিয়ামখনৰ নাম জিলিকি উঠিব বুলি আশা ব্যক্ত কৰে । ইতিমধ্যে খেল দুখনৰ বাবে যাৱতীয় সকলো ব্যৱস্থাপনা কৰি থকা হৈছে বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে (Assam Cricket Association)।
উল্লেখ্য যে, অহা মাৰ্চ মাহৰ 31 তাৰিখৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2023 ( IPL 2023) ৷ প্ৰথম দিনাৰ খেলখন অনুষ্ঠিত হ’ব গুজৰাট টাইটানচ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত ৷ প্ৰথম দিনাৰ মেচখন গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ’ব বুলি জানিবলৈ পৰা গৈছে ৷