Maligaon flyover accident : মালিগাঁৱৰ উৰণ সেঁতুত বিদ্যুৎস্পৃষ্ট দুই শ্ৰমিক - ৰাখী বন্ধন
গুৱাহাটী, 21 আগষ্ট: মালিগাঁৱৰ নিৰ্মীয়মান উৰণ সেঁতুত পুনৰ ভয়ংকৰ অঘটন সংঘটিত হৈছে ৷ সোমবাৰে বিয়লি গুৱাহাটীৰ কামাখ্যা আৰু মালিগাঁও, পাণ্ডু সংযোগী নিৰ্মীয়মান উৰণ সেঁতুত চৰ্ট শ্বাৰ্কিটৰ ফলত আহত হয় দুজন শ্ৰমিক ৷ কামাখ্যাৰ নাৰ্ছাৰীত সংঘটিত হয় এই অঘটন। উৰণ সেঁতুখনৰ কামত নিয়োজিত হৈ আছিল দুই শ্ৰমিক।
আহত দুয়োজন শ্ৰমিক ক্ৰমে নবী হুছেইন আৰু মুছা আলম বুলি জানিব পৰা গৈছে ৷ । দুয়োজনকে বৰ্তমান সংকটজনক অৱস্থাত সঞ্জীৱনী হাস্পতালত চিকিৎসা কৰি থকা হৈছে বুলি জানিব পৰা গৈছে ৷
প্ৰত্যক্ষদৰ্শীৰ মতে দুৰ্ঘটনাটোত দুয়োজন শ্ৰমিক ওপৰৰ পৰি চিটিকি তললৈ পৰে ৷ তাৰ পিচতেই দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ পৰা হয় ৷
উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগষ্টৰ ভিতৰত সেঁতুখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ ঠিকাদাৰক কঠোৰ নিৰ্দেশ দিয়াৰ পিছত শ্ৰমিকসকলৰ কামৰ হেঁচা বাঢ়িছিল। ইপিনে মুখ্যমন্ত্ৰীয়ে সোমবাৰে এক টুইটৰ জৰিয়তে জনায় যে, অহা 30 আগষ্টত ৰাখী বন্ধনৰ দিনাখন উৰণ সেঁতুখন মুকলি কৰিব । উল্লেখ যে 2.6 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেঁতুখন নিৰ্মাণৰ বাবদ 420 কোটি টকা ব্যয় কৰা হৈছে।