অসম

assam

বাঘ খেদিবলৈ গৈ আঘাতপ্ৰাপ্ত দুজন

ETV Bharat / videos

বাঘ খেদিবলৈ গৈ আঘাতপ্ৰাপ্ত দুজন

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 2:13 PM IST

ডিব্ৰুগড়,১৮ জানুৱাৰী:ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া বাঘৰ ভয়ত সন্ধিয়া হ'লেই ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে ৰাইজ । ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত দিনতে পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি আতংক সৃষ্টি কৰিছে বাঘে । ইয়াৰ মাজতে নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নাহৰণি গাঁৱত বৃহস্পতিবাৰে নাহৰফুটুকী বাঘৰ আক্ৰমণত দুগৰাকী ব্যক্তিসহ এটা পোহনীয়া কুকুৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।  

জানিবপৰামতে নাহৰণি গাঁওখনত বিগত দুটা বছৰ ধৰি নাহৰফুটুকী বাঘে গাঁওবাসীৰ পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । স্থানীয় ৰাইজে নাহৰফুটুকী বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগক বহুবাৰ আবেদন-নিবেদন কৰাৰ পিছতো গা-নলৰিল বন বিভাগৰ ।  

যাৰ পৰিপ্ৰেক্ষিতত বিগত সপ্তাহটোৰ পৰা নাহৰফুটুকী বাঘে পুনৰ স্থানীয় ৰাইজৰ পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি অহাত আজি গাঁওবাসী একত্ৰিত হৈ স্থানীয় এজন ব্যক্তিৰ চাহ বাগিচাত আশ্ৰয় লৈ থকা অৱস্থাত গাঁওবাসীয়ে যাঠি-জোং লৈ বাঘটো খেদিবলৈ যাওঁতে প্ৰশান্ত গগৈক ডিঙিত আৰু গুণ গগৈক হাতত আক্ৰমণ কৰা লগতে এটা পোহনীয়া কুকুৰকো আক্ৰমণ কৰে নাহৰফুটুকী বাঘটোৱে । ঘটনা সংঘটিত হোৱা পিছতেই স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত ব্যক্তি দুগৰাকীক নাহৰণি ৰেফাৰেল চিকিৎসালয়লৈ নি চিকিৎসা প্ৰদান কৰা হয় । 

লগতে পঢ়ক:নগাঁৱৰ ননৈত ত্ৰাস চলোৱা বাঘটো উভতি যোৱাৰ সন্দেহ

ABOUT THE AUTHOR

...view details