Manasa Puja in Bashishtha: বশিষ্ঠত দুশবছৰ গৰকা মনসা পূজা - Manasa Puja in Bashishtha
গুৱাহাটী,৩১ মে':মহানগৰীৰ বশিষ্ঠৰ বাকৰাপাৰাত অনুষ্ঠিত কৰা হয় ২০০ বছৰীয়া মনসা পূজা । ২৭,২৮ আৰু ২৯ মে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় এই মনসা পূজা । ২৮ তাৰিখ দেওবাৰৰ পৰা অনুষ্ঠিত কৰিছিল এই পূজাৰ (Two hundred years old Manasa Puja in Bashishtha) । তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা পূজাখনৰ বুধবাৰে অন্তিমটো দিনত পুৱাৰ ভাগত পূজাস্থলীত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰীকা (Minister Pijush Hazarika) ।
দিনৰ ভাগত ধৰ্মীয় ৰীতি-নীতিৰে পূজা অৰ্চনা কৰা হয় । লগতে ওজাপালি নৃত্য পৰিৱেশন কৰে (Manasa Puja in Bashishtha) । বিয়লি মা-মনসা দেৱীৰ চৰণত বলি বিধান দিয়া হয় । দুশ বছৰ গৰকা উপলক্ষে ৪ জুনৰ সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা বুলিও উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।
লগতে পঢ়ক:SCERT scam: দীঘল হোৱাৰ সম্ভাৱনা কেলেংকাৰীত জড়িত লোকৰ নামৰ তালিকা