অসম

assam

গা ধোৱা অৱস্থাতে বুৰ যায় দুই কিশোৰী

By

Published : Apr 20, 2023, 10:20 PM IST

ETV Bharat / videos

Death by drowning: পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি দুই কিশোৰীৰ

তেজপুৰ, ২০ এপ্ৰিল :তেজপুৰত অঘটন, বৃস্পতিবাৰে সংঘটিত হয় এক মৰ্মান্তিক ঘটনা ৷ সলিল সমাধি ঘটে দুই কন্যা শিশুৰ ৷ ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে । নিজৰ ঘৰৰ পুখুৰীত গা ধোৱা অৱস্থাতে ডুব যায় দুই কিশোৰী ৷ মৃত শিশু দুটি হৈছে ১৬ বছৰীয়া মৰ্জিনা বেগম আৰু ১১ বছৰীয়া মঞ্জিলা বেগম ৷ ঘটনাটো সংঘটিত হৈছে শালনিবাৰী আৰক্ষী চকীৰ অধীনত শ'লমৰা আঁহতগুৰি বালিটিকাত (death by drowning) ৷ ইতিমধ্যে দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালৈ লৈ অনা হৈছে ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ মান বজাত দুই কিশোৰীয়ে গা ধুবলৈ গৈ পুখুৰীত নামি গা ধুই থকা অৱস্থাত পানীত ডুব যায় । বহু সময় ধৰি ঘৰত নেদেখি বিচাৰ খোচাৰ কৰাৰ পিচত অৱশেষত ঘৰৰ কাষৰ পুখুৰীত উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ (two girls drowning in a pond)।

লগতে পঢ়ক :17 year old teenager died: অন্ধবিশ্বাসৰ বলি হৈ অকাল মৃত্যু জলাতংকত ভোগা কিশোৰৰ

ABOUT THE AUTHOR

...view details