অসম

assam

By

Published : May 10, 2022, 9:26 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

ETV Bharat / videos

Anti drugs operation of Manikpur police: মাণিকপুৰত পুনৰ দুই ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে (Assam police raid against drugs)। কিন্তু ইমানৰ পাছতো ৰাজ্যত ড্ৰাগছৰ মুকলি বেহা অব্যাহত আছে । বঙাইগাঁও জিলাৰো বহু স্থানত ড্ৰাগছ সৰবৰাহকাৰীৰ উপদ্ৰৱ বৃদ্ধি পাইছে । যাৰ বাবে বঙাইগাঁও আৰক্ষীয়েও ঠায়ে ঠায়ে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই আহিছে (Bongaigaon police raid against drugs)। এইবাৰ বঙাইগাঁৱৰ মাণিকপুৰ আৰক্ষীৰ জালত পৰিল দুই ড্ৰাগছ সৰবৰাহকাৰী (Manikpur police arrests two drugs peddler)। পূৰ্বৰ এক গোচৰৰ ভিত্তিত মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সাহাৰ নেতৃত্বত চলিছিল এই অভিযান । অভিযানত আৰক্ষীয়ে পুৰণি বিজনীৰ নাছিৰুদ্দিন আলী আৰু ডাঙাইগাঁৱৰ আবিউল হক নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বে মাণিকপুৰ আৰক্ষীয়ে নোৱাগাঁৱৰ পৰা দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল । সেই দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে এই দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে মাণিকপুৰ আৰক্ষীয়ে ।
Last Updated : Feb 3, 2023, 8:23 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details