অসম

assam

জীৱন সংগ্ৰামৰ কৰুণ কাহিনী

ETV Bharat / videos

Two Kids of Tingkhong: টিংখাঙৰ দুৰ্ভগীয়া ভাতৃ-ভগ্নীৰ জীৱন সংগ্ৰামৰ কৰুণ কাহিনী - দুৰ্ভগীয়া ভাতৃ ভগ্নী

By

Published : Apr 30, 2023, 12:33 PM IST

ডিব্ৰুগড়, 30 এপ্ৰিল: দৰিদ্ৰতাই কোঙা কৰা দুটি শিশু ৷ চকু-মুখত ক'তো নাই শৈশৱৰ হাঁহি-ধেমালিৰ লেখমানো চিন ৷ নিয়তিৰ হাতোৰাত পৰি শৈশৱৰ ৰং হেৰুওৱা ৰোহিত উৰাং ( ১৪ ), মনীষা উৰাং (১০) আজি দিশহাৰা ৷ অবৰ্ণনীয় পৰিৱেশত জীৱন কটাব লগা হৈছে দুৰ্ভগীয়া দুই ভাতৃ-ভগ্নীয়ে (Two Childrens Pathetic Story From Tingkhong) ৷

সৰুতেই মাতৃক হেৰুওৱা ৰোহিত আৰু মনীষাই দুৰ্ভাগ্যজনকভাৱে এবছৰ পূৰ্বে এক পথ দুৰ্ঘটনাত পিতৃকো হেৰুৱাব লগা হ'ল ৷ তাৰ পাচৰে পৰা টিংখাঙৰ নাচনী পঞ্চায়তৰ অন্তৰ্গত ১ নং নাচনী গাঁৱৰ এই জৰাজীৰ্ণ ঘৰতেই এক অবৰ্ণনীয় পৰিৱেশত জীৱন নিৰ্বাহ কৰি আহিব লগা হৈছে এই দুই দুৰ্ভগীয়া ভাতৃ-ভগ্নীয়ে (Struggling story of two kids in Tingkhong)   ৷

পিতৃৰ মৃত্যুৰ পাচত দিন হাজিৰা কৰি কোনোমতে ভাতমুঠি যোগাৰ কৰাৰ লগতে ভনীয়েক মনীষা উৰাঙৰ পঢ়া-শুনা আৰু ভৰণ-পোষণৰ দায়িত্বও পালন কৰি আহিছে ১৪ বছৰীয়া ৰোহিতে ৷ পূৰ্বতে লাভ কৰা IAY গৃহটোৰ কাম সম্পূৰ্ণ নোহোৱাত থকাৰ অনুপযোগী হোৱাৰ বাবে বাঁহেৰে এটা সৰু জুপুৰি সাজি তাতে ৰোহিত-মনীষাই বসবাস কৰি আহিছিল যদিও শেহতীয়াকৈ অহা এজাক ধুমুহাই ভাঙি পেলালে ঘৰখন ৷ ফলত এতিয়া গৃহহীন শিশু দুটিয়ে সম্পৰ্কীয়ৰ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছে ৷  

শিশু অৱস্থাতে কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী হ'বলগীয়া হোৱা ৰোহিত আৰু মনীষাৰো আছে এক সুস্থ পৰিৱেশত জীয়াই থকাৰ অধিকাৰ ৷ কলিতে মৰহিব ধৰা দুটি অসহায় শিশুৰ ভৱিষ্যত উদ্ধাৰৰ বাবে কাৰোবাৰ আহৰি হ'ব নে ?

লগতে পঢ়ক:Moran VKB case: মৰাণৰ স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে মইমতালিৰ অভিযোগ

ABOUT THE AUTHOR

...view details