নৱবৰ্ষৰ প্ৰথম দিনাই ৰক্তাক্ত হ’ল দুখন ঘৰ
Published : Jan 2, 2024, 12:28 PM IST
গোলাঘাট, 2 জানুৱাৰী : নৱবৰ্ষৰ প্ৰথম দিনাই গোলাঘাটৰ দুটা স্থানত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা । সুৰাৰ ৰাগীত ৰক্তাক্ত হ’ল দুটাকৈ পৰিয়াল ৷
প্ৰথমটো ঘটনাত, নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতেই গোলাঘাটৰ কাকডোঙা চাবুকধৰাত সুৰাৰ ৰাগীত মাতাল পিতৃয়ে নিজ পুত্ৰক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলায় ৷ দণ্ডেশ্বৰ গগৈ নামৰ এজন লোকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে পুত্ৰ মনোজ গগৈক। পিতৃৰ আক্ৰমণত কথমপি ৰক্ষা মনোজ গগৈৰ প্ৰাণ ৷ তাৰ পিচতেই লগে লগে পৰিয়ালৰ লোকে সংকটজনক অৱস্থাত মনোজ গগৈক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় । সুৰাৰ বাবেই পিতৃয়ে চোকা অস্ত্ৰৰে পুত্ৰক হত্যাৰ চেষ্টা চলাই বুলি অভিযোগ কৰে মনোজ গগৈৰ পত্নীয়ে ৷
আনহাতে দ্বিতীয়টো ঘটনা সংঘটিত হয় গোলাঘাটৰ চকীটিং অঞ্চলত । নতুন বছৰৰ পাৰ্টী কৰিবলৈ গৈ গোলাঘাটৰ চকীটিঙত ভাতৃয়ে সুৰাৰ ৰাগীত মাতাল হৈ ককায়েকক দাৰে আক্ৰমণ কৰে ৷ লগে লগে আঘাতপ্ৰাপ্ত পাপু ভূঞাক গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
সম্প্ৰতি দুয়োটা ঘটনা সংঘটিত কৰা দুই আক্ৰমণকাৰীক আৰক্ষীয়ে আটক কৰি সোধা পোছাৰ জৰিয়তে তদন্ত অব্যাহত ৰাখিছে ৷