অসম

assam

Tortoise rescued: দুলীয়াজানত দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছসহ দুজনক আটক

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 3:57 PM IST

দুলীয়াজানত দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছসহ দুজনক আটক

দুলীয়াজান,১০ ছেপ্টেম্বৰ:দুলীয়াজানত দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ উদ্ধাৰ । শনিবাৰে দুলীয়াজানৰ কাষৰীয়া ম'হমাৰীৰ মে'ৰবিলৰ পৰা দুষ্প্ৰাপ্য প্ৰজাতিৰ এটা কাছ পাৰলৈ উঠি পথৰ ওপৰত বিচৰণ কৰি ফুৰিছিল । সেই সময়তে পথটোৰে অহা অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰী অনা নিয়া কৰা AS-23-CC 8915 নম্বৰৰ বাছৰ চালক আৰু সহায়কাৰীজনে ৰাজপথৰ পৰা কাছটো গাড়ীত উঠাই লৈ যায় ।  

ইফালে ৰাজপথৰ পৰা কাছটো গাড়ীখনত উঠাই লৈ যোৱা ভিডিঅ' তৎক্ষণাৎ ভাইৰেল হৈ পৰিছিল ছ'চিয়েল মিডিয়াত । পাছত নিশা স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত দুলীয়াজান আৰক্ষী আৰু বন বিভাগে যুটীয়াভাৱে অভিযান চলাই বাছখনৰ চালক দিব্য গগৈ আৰু সহায়ক উজ্জ্বল গগৈক আটক কৰাৰ লগতে দুই অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত দুলীয়াজানৰ কমলাবাৰীত অৱস্থিত অইল বাছ আস্থানৰ এটা পিটনিৰ পৰা দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।  

বৰ্তমান ধৃত বাছখনৰ চালক আৰু সহায়কাৰীজনক আৰক্ষীয়ে বন বিভাগক গটাই দিয়ে । আটক কৰা বাছ চালক দিব্য গগৈৰ ঘৰ টিংখাঙত আৰু সহায়কাৰী উজ্জ্বল গগৈৰ ঘৰ তিতাবৰত বুলি জানিব পৰা গৈছে ।  

লগতে পঢ়ক:Accident news : চৰাইদেউত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত 3 জন

ABOUT THE AUTHOR

...view details