অসম

assam

হাতীৰ দাঁতৰ সৈতে দুজন লোকক আটক

ETV Bharat / videos

Ivory smuggling in Dhemaji: ধেমাজিত তিনিটা হাতী দাঁত সহ দুজনক আটক - Ivory smuggling in Dhemaji

By

Published : Jun 1, 2023, 3:17 PM IST

ধেমাজি, 1 জুন:ধেমাজিত তিনিটা প্ৰকাণ্ড হাতী দাঁত সহ দুজনক আটক ৷ ধেমাজিত গুৱাহাটীৰ Wildlife Crime Control ব্যুৰ' আৰু ধেমাজি বন বিভাগৰ যৌথ অভিযানত বৃহস্পতিবাৰে ধেমাজি জিলাৰ চিলাপথাৰ অঞ্চলৰ ভৰ্গৱান চাৰিআলিৰ পৰা প্ৰকাণ্ড তিনিটা হাতীৰ দাঁতৰ সৈতে দুজন লোকক আটক কৰা হয় (Two Arrested with Elephant Ivory in Dhemaji) ৷

হাতী দাঁত কেইটা বিক্ৰীৰ বাবে অনাৰ সময়তে দুয়োটা সৰবৰাহকাৰীক হাতে-লোটে কৰায়ত্ত কৰে অভিযানকাৰী দলটোৱে ৷ জব্দ কৰা তিনিটা হাতী দাঁতৰ ওজন ক্ৰমে 8.67 কিঃগ্ৰা, 3.93 কিঃগ্ৰা আৰু 2.39 কিঃগ্ৰা ৷ আটকাধীন হাতী দাঁতৰ চোৰাং বেপাৰী দুটা হৈছে চিলাপথাৰৰ ভগৱান চাৰিআলিৰ দেলু (পূৰ্ণানন্দ) ইয়েন (38) আৰু লক্ষীনাথ পাংগিং (43) (Two Arrested with Elephant Ivory) ৷ 

ধৃত সৰবৰাহকাৰী দুটাক বৰ্তমান ধেমাজি আৰক্ষী থানাত ৰখাৰ বিপৰীতে অভিযানকাৰী দলটোৱে ধেমাজি বন সংমণ্ডলৰ কাৰ্যালয়ত চমজাই দিয়ে হাতী দাঁতকেইটা (Two Arrested with Ivory in Dhemaji) ৷ ইতিমধ্যে ধেমাজি বন বিভাগে ধৃত চোৰাং ব্যৱসায়ী দুটাক সোধা-পোচা কৰি বন্যপ্ৰাণী আইনৰ অধীনত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে (Ivory smuggling in Dhemaji) ৷

লগতে পঢ়ক:Wild elephant died : ১১ দিনৰ পাচত মৃত্যু হ’ল ঠেলামৰাৰ পিটনিত আৱদ্ধ হৈ থকা হাতীটোৰ

ABOUT THE AUTHOR

...view details