অসম

assam

ETV Bharat / videos

Two human traffickers arrested: মানৱ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ দুজনক

By

Published : Jan 7, 2023, 8:32 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

মানৱ সৰবৰাহৰে জৰিত থকাৰ অভিযোগত পল্টনবজাৰ আৰক্ষীয়ে(Paltanbazar Police)শনিবাৰে গ্ৰেপ্তাৰ কৰে দুজনক । ধৃত দুজন ক্ৰমে ৰাজেশ ভাই পেটেল আৰু আনোৱাৰ হুছেইন(Two arrested on human trafficking charges) । ঘটনা সন্দৰ্ভত ACP পৃথ্বীৰাজ ৰাজখোৱাই সংবাদমাধ্যমৰ আগত জনোৱা অনুসৰি লকডাউনৰ সময়তে প্ৰেমৰ চলনাৰে আনোৱাৰ হুছেইনে এগৰাকী যুৱতীক নিজৰ জালত পেলাই মুম্বাইত সংস্থাপন দিয়াৰ প্ৰলোভনৰে মুম্বাইলৈ নি বিক্ৰী কৰিছিল(Human trafficking on pretext of giving employment) । ইয়াৰ পিছত মুম্বাই আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছিল যুৱতী গৰাকী । তাৰ পিছতে ঘটনা সন্দৰ্ভত পল্টনবজাৰ আৰক্ষী থানাত মহিলা গৰাকীয়ে দিয়া এজাহাৰৰ ভিত্তিত 383/2022 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে(Two human traffickers arrested) । পুনৰ যুৱতীগৰাকীক মুম্বাইলৈ উভতাই নি বিক্ৰী কৰিবলৈ যো-জা চলাই থকাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয় আনোৱাৰ আৰু তেওঁৰ সহযোগী ৰাজেশ ভাই পেটেলক । আনহাতে আনোৱাৰে নুৰ আলি ৰহমান নামৰ লোকজনৰ সৈতে যুৱতীগৰাকীক সম্পৰ্ক কৰিবলৈ বাধ্য কৰোৱাইছিল বুলিও প্ৰকাশ কৰে আৰক্ষীয়ে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details