কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গোপনে মৎস্য চিকাৰৰ অভিযোগত দুজনক আটক - গোপনে মৎস্য চিকাৰৰ অভিযোগত দুজনক আটক
বৃহস্পতিবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) বাগৰি বনাঞ্চলৰ বনকৰ্মীয়ে অভিযান চলাই কলিয়াবৰ মহকুমাৰ অন্তৰ্গত নজানৰ পৰা চোৰাংভাৱে মৎস্য চিকাৰৰ অভিযোগত দুজনক আটক কৰে (Two arrested for illegal angling) ৷ লগতে বৃহৎ আকাৰৰ ৰৌ, বাহু, মিৰিকাকে ধৰি প্ৰায় ৬০ কেজি মাছ আৰু মৎস্য চিকাৰৰ আহিলাও বনকৰ্মীয়ে জব্দ কৰে ৷ আটকাধীন লোকজন জালালুদ্দিন আৰু আমিৰ আলি নামৰ বুলি জানিব পৰা গৈছে ৷ বনকৰ্মীয়ে জনোৱা মতে, দীৰ্ঘ দিন ধৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ বোকা বিলত গোপনে মৎস্য চিকাৰ কৰি ব্যৱসায় চলাই আহিছিল ধৃত লোক দুজনে (Illegal fishing in Kaziranga National Park) ৷ ইতিমধ্যে আটকাধীন লোক দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত চলাইছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷
Last Updated : Feb 3, 2023, 8:27 PM IST