অসম

assam

চাংসাৰি ডকাইতি কাণ্ডৰ দুই মাষ্টৰ মাইণ্ডক আটক

ETV Bharat / videos

Changsari Robbery Incident: চাংসাৰি ডকাইতিকাণ্ডৰ দুই মাষ্টৰ মাইণ্ডক আটক - দুই দুৰ্ধৰ্ষ ডকাইতক আটক

By

Published : Feb 2, 2023, 10:15 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

বাইহাটা, 2 ফেব্ৰুৱাৰী:কামৰূপ আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই দুই দুৰ্ধৰ্ষ ডকাইতক আটক কৰিবলৈ সক্ষম হয় ৷ কামৰূপ আৰক্ষীয়ে প্ৰায় দুমাহজোৰা তদন্তৰ অন্তত আটক কৰে দুই দুৰ্ধৰ্ষ ডকাইত ৷ ধৃত ডকাইত দুটা দ্বীপজ্যোতি নাথ আৰু জিতু বৰ্মন বুলি জানিব পৰা হৈছে । কামৰূপৰ চাংসাৰিত বিগত বৰ্ষত সংঘটিত চাঞ্চল্যকৰ ডকাইতিকাণ্ডৰ মাষ্টৰ মাইণ্ড আছিল দ্বীপজ্যোতি নাথ আৰু জিতু বৰ্মন ।

উল্লেখ্য যে, বিগত বৰ্ষৰ 5 ডিচেম্বৰত চাংসাৰি আৰক্ষী থানাৰ সমীপৰ ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ(Robbery at FCI warehouse in Changsari) সন্মুখত সংঘটিত হৈছিল এক ডকাইতিকাণ্ড ৷ আৰক্ষীৰ বেশত অহা দুৰ্বৃত্তৰ এটা দলে সংঘটিত কৰিছিল এই ডকাইতিকাণ্ড ৷ দুৰ্বৃত্তৰ দলটোৱে লুট কৰি নিছিল নগদ প্ৰায় ৩১ লাখ টকা । ভাৰতীয় খাদ্য নিগমত কৰ্মৰত শংকৰজ্যোতি ট্ৰাক মালিক সন্থাৰ আছিল ধনখিনি । 

ইয়াৰ পাছতেই ঘটনা সন্দৰ্ভত কামৰূপ আৰক্ষীৰ ওচৰত ৰুজু কৰা হৈছিল এক গোচৰ ৷ এই গোচৰৰ ভিত্তিত কামৰূপ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছিল তদন্ত ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ প্ৰত্যক্ষ তদাৰকত চলিছিল এই ঘটনাৰ তদন্ত ৷ অৱশেষত কামৰূপ আৰক্ষীয়ে প্ৰায় দুমাহজোৰা তদন্তৰ অন্তত বৃহস্পতিবাৰে ছয়জনীয়া দুৰ্বৃত্তৰ দলটোৰ দুই অভিযুক্তক আটক কৰে ৷

জানিব পৰা মতে, ট্ৰাকৰ ভাৰা দিবলৈ আনি থকা অৱস্থাতে আৰক্ষীৰ বেশত অহা দুৰ্বৃত্তই দলটোৱে লুটি নিছিল নগদ ধনখিনি । ট্ৰাক মালিক সন্থাৰ বিষয়ববীয়াা ৰঞ্জিত নাথ ওৰফে টুটুৱে এখন বলেৰ’ বাহনত ধনখিনি আনি থকা অবস্থাতে দুৰ্বৃত্তৰ দলটোৱে লুট কৰি নিছিল ধনখিনি(Man robbed of Rs 31 lakh near Kamrup's Changsari) । চাংসাৰিৰ দ্বীপজ্যোতি নাথে ৰচিছিল এই ডকাইতি কাণ্ডৰ সমগ্ৰ পৰিকল্পনা । দ্বীপজ্যোতি নাথ আৰু জিতু বৰ্মনৰ তথ্যৰ ভিত্তিত বৰ্তমান অন্য এগৰাকী অভিযুক্ত জয়দেৱ মহন্তক মুকালমুৱা আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা হৈছে ।

লগতে পঢ়ক:জু ৰোডৰ চঞ্চল্যকৰ ডকাইতি কাণ্ড: ১২ ঘন্টা নৌহওঁতেই আৰক্ষীৰ জালত তিনি অভিযুক্ত

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

...view details