চামগুৰিৰ সোণাৰিবালিত চোৰাংভাৱে সৰবৰাহ কৰা গৰুভৰ্তি ট্ৰাক জব্দ - Trucks loaded with smuggled cattle seized
ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ (Cattle smuggling in Assam)। আৰক্ষীয়ে প্ৰায়ে অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং গৰু জব্দ কৰাৰ লগতে এই চক্ৰৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি আহিছে। কিন্তু আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো দুষ্টচক্ৰই বিভিন্ন উপায় অৱলম্বন কৰি গৰুৰ চোৰাং সৰবৰাহৰ কৰি আহিছে । ইয়াৰ মাজতে মঙলবাৰে নিশা চামগুৰিৰ সোণাৰিবালিত জালত (Trucks loaded with smuggled cattle seized) পৰিল গৰুভৰ্তি ট্ৰাক । স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত চামগুৰি আৰক্ষীয়ে জব্দ কৰে AS-02CC-9402 নম্বৰৰ ট্ৰাকখন । পিছত আৰক্ষীয়ে ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰে চোৰাংভাৱে সৰবৰাহ কৰা ২২টাকৈ গৰু । অৱশ্য়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকখনৰ চালককে ধৰি সৰবৰাহকাৰী । উদ্ধাৰ হোৱা গৰুকেইটা নিকটৱৰ্তী বিভিন্ন স্থানৰ পৰা অসাধু চক্ৰটোৱে চোৰ কৰি আনি গোপনে সৰবৰাহৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
Last Updated : Feb 3, 2023, 8:28 PM IST