অসম

assam

By

Published : Jan 27, 2023, 7:21 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / videos

Looted goods recovered in Manikpur: মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী

মাণিকপুৰ, ২৭ জানুৱাৰী:গণৰাজ্য দিৱসৰ দিনাই বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাগাঁও চৰৰ পোকালাগী নদীৰ পাৰৰ মাটিৰ তলৰ পৰা পুনৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে (Looted goods recovered in Manikpur) । জানিব পৰা মতে-কিছুদিন পূৰ্বে আই নদীৰ দলঙৰ পৰা চোৰৰ দলে এখন ট্ৰাক হাইজেক কৰি সামগ্ৰীসমূহ চুৰি কৰি নিছিল । চুৰি সংক্ৰান্তত বঙাইগাঁও থানাত গোচৰ ৰুজু হোৱাৰ পিছত আৰক্ষীয়ে তৎপৰতাৰে কেইবাটাও চোৰক আটক কৰাৰ লগতে বিভিন্ন স্থানৰ পৰা চুৰি কৰা সামগ্ৰীসমূহৰ মাজৰ বহু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । 

আটক কৰা চোৰকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত অনুসন্ধান চলাই গণৰাজ্য দিৱসৰ দিনাই অৰ্থাৎ বৃহস্পতিবাৰে মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় সাহাৰ নেতৃত্বত নোৱাগাঁৱৰ পোকালাগী নদীৰ পাৰত পুতি থোৱা অৱস্থাত বহুকেইপদ ইলেক্ট্ৰনিক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়(Recovery of buried material) । 

উল্লেখ্য যে মাণিকপুৰৰ নোৱাগাঁও চৰত পূৰ্বতেও অৰ্থাৎ বিগত বছৰৰ ১১ ডিচেম্বৰত বৃহৎ পৰিমাণৰ টাৱাৰৰ সা-সামগ্ৰী উদ্ধাৰ কৰিছিল আৰক্ষীয়ে (Stolen goods recovered from bongaigaon) ৷ বঙাইগাঁও আৰু মাণিকপুৰ আৰক্ষীয়ে এখন ট্ৰাকৰ হাইজেক কাণ্ডৰ তদন্ত কৰিবলৈ আহি উদ্ধাৰ কৰে সামগ্ৰীসমূহ । সেইসময়ত আৰক্ষীয়ে জনোৱা অনুসৰি ২৫ নৱেম্বৰত আই দলঙৰ পৰা হাইজেক হৈছিল এখন ট্ৰাক(Truck hijack from Aie river bridge) ৷ সেই সন্দৰ্ভত ঘটনাৰে জড়িত দুই ডকাইতক ১০ ডিচেম্বৰৰ নিশা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ 

গ্ৰেপ্তাৰ হোৱা দুই ডকাইতৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে মাটি খান্দি উদ্ধাৰ কৰিছিল বৃহৎ পৰিমাণৰ টাৱাৰৰ সামগ্ৰী ৷ বঙাইগাঁও জিলাৰ নোৱাগাঁৱৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল সামগ্ৰীখিনি ৷ ইফালে, এই ঘটনা সন্দৰ্ভত এজন নাবালককো সোধ-পোচৰ বাবে আটক কৰিছিল আৰক্ষীয়ে আৰু অব্যাহত ৰাখিছিল তদন্ত প্ৰক্ৰিয়া । সেই তদন্তৰ ফলতেই পুনৰ আৰক্ষীয়ে গণৰাজ্য দিৱসৰ দিনাই মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে সামগ্ৰীখিনি । আৰক্ষীৰ এই কাৰ্য্যত সন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় লোকে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details