বাক্সাত ডাম্পাৰ চালক সন্থাৰ প্ৰতিবাদ
Published : Jan 2, 2024, 10:13 PM IST
বাক্সা, 02 জানুৱাৰী :অমিত শ্বাহ মুৰ্দাবাদ, ক’লা আইন বাতিল কৰক ইত্যাদি ধ্বনিৰে মঙলবাৰে উত্তাল হৈ পৰিল বাক্সাৰ আকাশ-বতাহ ৷ শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে গাড়ী চালকসকলৰ বিৰুদ্ধে যি কঠোৰ আইন বলবৎ কৰিছে তাক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ডাম্পাৰ চালক সন্থাই ৷
বাক্সাজিলাখনৰ চিনাদীত ট্ৰাক ড্ৰাইভাৰসকলে মঙলবাৰে একত্ৰিত হৈ চৰকাৰে গ্ৰহণ কৰা আইনখন বাতিল কৰিবলৈ দাবী জনায় ৷ সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰী চালকসকলে কয়, ‘‘কোনেও দুৰ্ঘটনা কৰো বুলি নকৰে ৷ গতিকে চৰকাৰে এই আইনখন বাতিল কৰিব লাগে’’ ৷
আনকি চৰকাৰে এই আইনখন বাতিল নকৰালৈকে ডাম্পাৰ চালকসকলে ডাম্পাৰ নচলায় বুলিও হুংকাৰ প্ৰদান কৰে গাড়ী চালকসকলে ৷ কেৱল বাক্সাতে নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গাড়ী চালকসকলেও প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে পঢ়ক :ট্ৰাক চালকৰ প্ৰতিবাদত কঁপিল তেজপুৰ