অসম

assam

নিউ গুৱাহাটী বি জি চালক হেণ্ডিমেন সন্থা

ETV Bharat / videos

দুৰ্ঘটনাজনিত নতুন আইনৰ বিৰোধিতাৰে বিজি য়াৰ্ডত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 6:59 PM IST

গুৱাহাটী, ৩১ ডিচেম্বৰ:কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা দুৰ্ঘটনাজনিত নতুন আইনখনক লৈ দিবা নৈশ বাছ তথা ট্ৰাক চালকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দেওবাৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা দুৰ্ঘটনাজনিত এই নতুন আইনখনৰ বিৰোধিতা কৰি ট্ৰাক চালক তথা হেণ্ডিমেনৰ প্ৰতিবাদত উত্তাল হ'ল গুৱাহাটীৰ বিজি য়াৰ্ড । কেন্দ্ৰীয় চৰকাৰে লোৱা এই সিদ্ধান্ত কোনোপধ্যেই মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰি আজি দিনৰ ভাগত বিজি য়াৰ্ডৰ ট্ৰাকৰ চালক তথা হেণ্ডিমেনে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ।  

নিউ গুৱাহাটী বি জি চালক হেণ্ডিমেন সন্থাৰ উদ্যোগত ৰূপায়ন কৰা এই প্ৰতিবাদী কার্যসূচীত বিজি য়াৰ্ডৰ শতাধিক ট্ৰাক চালক আৰু হেণ্ডিমেনে অংশগ্ৰহণ কৰে । প্ৰতিবাদী চালক সকলে শীঘ্ৰে আইনখনত সন্নিবিষ্ট নিৰ্দেশনাসমূহ বাতিল নকৰিলে বিজি য়াৰ্ডত মালবাহী ট্ৰাকৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ কৰিব বুলিও চৰকাৰক সকীয়াই দিয়ে ক্ষুব্ধ চালকে ।  

বৰ্তমান বিজি য়াৰ্ডৰ লোডিং-আনলোডিং কামত ৩০০ৰো অধিক ট্ৰাকৰ সৈতে ন্য়ূনতম দৰমহাত ড্ৰাইভাৰ, হেণ্ডিমেন জড়িত হৈ আছে বুলি কয় সন্থাৰ সভাপতি ইন্দ্ৰ বড়ো আৰু সম্পাদক আজিমূল আলীয়ে । উল্লেখ্য যে ব্ৰিটিছ আমোলৰ তিনিখন ফৌজদাৰী আইন বাতিল কৰি ভাৰতীয় ন্যায় সংহিতা নামেৰে নতুন আইন প্ৰৱৰ্তন কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

লগতে পঢ়ক:ছদ্মনাম লৈ লাহৰীঘাট সমষ্টিৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত বাংলাদেশী আটক

ABOUT THE AUTHOR

...view details