অসম

assam

তুষাৰপাতৰ ফলত আবদ্ধ 1217 পৰ্যটকক উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 10:48 AM IST

ETV Bharat / videos

ছিকিমত হাড় কঁপোৱা ঠাণ্ডা ! তুষাৰপাতৰ ফলত আবদ্ধ 1217 পৰ্যটকক উদ্ধাৰ

তেজপুৰ, 14 ডিচেম্বৰ : ছিকিমৰ বতৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ বুধবাৰে বিয়লি পূব ছিকিমত প্ৰচণ্ড তুষাৰপাতত আৰু প্ৰতিকূল বতৰৰ ফলত শ শ পৰ্যটক আৱদ্ধ হৈ পৰিছিল ৷ আবদ্ধ লোকসকলৰ মাজত বয়োজ্যেষ্ঠ, মহিলাকে ধৰি বহুসংখ্যক শিশুও আছিল। এই তথ্য লাভ কৰাৰ পাচতে ভাৰতীয় সেনাৰ ত্ৰিশক্তি কৰ্পছৰ জোৱানসকলে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ আবদ্ধ পৰ্যটকসকলক উদ্ধাৰ কৰিবলৈ অভিযান চলায় ৷ ইতিমধ্যে বুধবাৰে নিশা ভাৰতীয় সেনাৰ ত্ৰিশক্তি কৰ্পছে বুধবাৰে নিশা পূব ছিকিমৰ পৰা 1217 জন আবদ্ধ পৰ্যটকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ 

বহু নিশালৈকে এই উদ্ধাৰ অভিযান অব্যাহত ৰাখে ত্ৰিশক্তি কৰ্পছৰ জোৱানসকলে ৷ উদ্ধাৰৰ পিচত সেনা জোৱানসকলে পৰ্যটকসকলক সেনাৰ বেৰেকলৈ নি আশ্ৰয় দিয়াৰ লগতে গৰম কাপোৰ আৰু চিকিৎসাৰ লগতে গৰম খাদ্যৰো যোগান ধৰে ৷ তাৰোপৰি ত্ৰিশক্তি কৰ্পছৰ ফালৰ পৰা পৰ্যটকসকলক গৰম খাদ্যৰো যোগান ধৰে। প্ৰাপ্ত তথ্য অনুসৰি ​​তেওঁলোকক বৰ্তমান গেংটকলৈ লৈ অহাৰ ব্যৱস্থা হাতত লোৱা হৈছে ৷ এই সময়ত ছিকিম বেছিভাগ অঞ্চলতে প্ৰচণ্ড ঠাণ্ডা পৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:ডিব্ৰুগড়ত শিলাবৃষ্টিয়ে দিলে কাশ্মীৰৰ আমেজ

ABOUT THE AUTHOR

...view details