অসম

assam

ধলা বিচনীমুখ খেৰবাৰী হত্যাকাণ্ডৰ পাঁচ বছৰ

ETV Bharat / videos

Dhola Kherbari Murder case: ধলা-বিচনীমুখ খেৰবাৰী হত্যাকাণ্ডৰ পাঁচ বছৰ, ন্যায়ৰ অপেক্ষাত ভুক্তভোগী পৰিয়াল - Tinsukia Police

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 10:55 PM IST

তিনিচুকীয়া, 1 নৱেম্বৰ : 2018 চনৰ 1 নৱেম্বৰ । অভিশপ্ত এই দিনটোতেই তিনিচুকীয়া জিলাৰ ধলা-বিচনীমুখ খেৰবাৰী গাঁৱৰ পাঁচজনকৈ লোকক হত্যা কৰিছিল দুৰ্বৃত্তই ৷ শ্যামলাল বিশ্বাস, অভিনাশ বিশ্বাস, অনন্ত বিশ্বাস, সুবল দাস আৰু ধনঞ্জয় নমঃশুদ্ৰ নামৰ পাঁচজন লোকক এক নিৰ্জন স্থানলৈ মাতি নি শূণ্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল ।

এই ঘটনাৰ আজি পাঁচ বছৰৰ হ’ল ৷ অতি পৰিতাপৰ বিষয় আজিও দুৰ্বৃত্তৰ হাতত নিহত পাঁচজনকৈ লোকৰ দুৰ্ভগীয়া পৰিয়ালে নাপালে ন্যায় । ঘটনাৰ পাচতে চৰকাৰে পৰিয়ালকেইটাক কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু চৰকাৰৰ সেই প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হৈয়ে থাকিল ৷

আনহাতে বুধবাৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ছৈখোৱা আঞ্চলিক সমিতিৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে । দুৰ্বৃত্তৰ গুলীত নিহত পাঁচজন লোকক বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে শ্বহীদ ঘোষণা কৰিছিল । দুৰ্ভগীয়া পৰিয়াল কেইটাক চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আজি পৰ্যন্ত পূৰণ নকৰিলে ৷ আজিলৈকে চিনাক্ত নহ’ল হত্যাকাৰী ৷ সেয়ে আক্ষেপ ভুক্তভোগী পৰিয়ালৰ ৷

লগতে পঢ়ক:Missing case in Tinsukia : ডুমডুমা আৰক্ষীৰ ব্যৰ্থতাৰ প্ৰসংগত সৰব প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ

ABOUT THE AUTHOR

...view details