অসম

assam

প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াক স্মৰণ

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 8:23 PM IST

ETV Bharat / videos

Hiteshwar Saikia: জন্মদিনত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াক স্মৰণ

 গুৱাহাটী, ৩ অক্টোবৰ: অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ জন্মদিন উপলক্ষে মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ‌ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় ।‌ ৰাজীৱ ভৱনৰ প্ৰাঙ্গনত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী  হিতেশ্বৰ শইকীয়াৰ আৱক্ষ মূৰ্তিত পুষ্পমাল্য প্ৰদান কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।‌ 

উক্ত অনুষ্ঠানটোত অংশ লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা আৰু মিজোৰামৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা পদ্মশ্ৰী হিতেশ্বৰ শইকীয়াই উচৰ্গিত মনোভাৱেৰে ৰাইজৰ সেৱা কৰিছিল ।  

তেওঁ পুনৰ কয় যে হিতেশ্বৰ শইকীয়াই অসমৰ শৈক্ষিক দিশত, অসমৰ শান্তিৰ বাতাবৰণ সৃষ্টি কৰা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰতিৰ সৃষ্টি কৰাৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়ায় গৈছে।‌ সেয়া অসমবাসীয়ে আজিও পাহৰিব নোৱাৰে । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পুনৰ কয় যে অসমত বিজ্ঞান শিক্ষাৰ উন্নয়নৰ বাবে একদিনাই শইকীয়াই অসমৰ মাধ্যমিক বিদ্যালয়বোৰত বিজ্ঞান শিক্ষক নিযুক্তি দি নজিৰ সৃষ্টি কৰি গৈছে ।

লগতে পঢ়ক:Dirty politics: অমৃত কলহ যাত্রাক বিজেপিৰ নিকৃষ্ট ৰাজনীতি আখ্যা ভূপেন‌ বৰাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details