অসম

assam

১৯৭৪ ৰ নাও দুৰ্ঘটনাত নিহত ১৯ নাওযাত্ৰীলৈ শ্ৰদ্ধাঞ্জলি

ETV Bharat / videos

Tribute to the boatmen: ১৯৭৪ ৰ নাও দুৰ্ঘটনাত নিহত ১৯ নাওযাত্ৰীলৈ শ্ৰদ্ধাঞ্জলি - নাও দুৰ্ঘটনাত নিহত ১৯ নাওযাত্ৰীলৈ শ্ৰদ্ধাঞ্জলি

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 5:53 PM IST

বিহপুৰীয়া,৩০ আগষ্ট:লখিমপুৰ জিলাৰ বিহপুৰীয়াত ১৯৭৪ চনত ডিক্ৰং নদীত আজিৰ দিনটোতে সংঘটিত হৈছিল এক শোকাবহ নাও দুৰ্ঘটনা । আৰু উক্ত দুৰ্ঘটনাত ১৯ গৰাকী যাত্ৰীৰ সলিল সমাধি ঘটাত সমগ্ৰ লখিমপুৰ জিলাখনতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল ।  

বৰ্তমান বিহপুৰীয়াত ডিক্ৰং নদীৰ ওপৰত থকা চিচাপথাৰ দলঙৰ স্থানত সেই সময়ত ডিক্ৰং নদীৰ ওপৰত নাছিল কোনো দলং ৷ যাৰ ফলত নাৱেৰেই পাৰাপাৰ হ'ব লগা হৈছিল সৰ্বসাধাৰণ ৰাইজে ৷ ১৯৭৪ চনৰ ৩০ আগষ্টৰ দিনা বিহপুৰীয়া দিশৰ পৰা পাঁচআলি অভিমুখে বিয়লি ৪০ গৰাকী যাত্ৰীৰে নাওখন ৰাওনা হৈছিল ৷  

কিন্তু নদীখনত নাওখনে কিছুদূৰ অতিক্ৰম কৰাৰ পিছতে নদীৰ প্ৰৱল বানত ডুব গৈছিল নাওখন আৰু তেতিয়াই অকাল মৃত্যুক সাৱতি লৈছিল নাওখনত থকা ১৯ গৰাকীকৈ যাত্ৰীয়ে ৷ তেতিয়াৰে পৰা আজিৰ দিনটোত প্ৰতি বছৰে বিহপুৰীয়াৰ বিভিন্নজনে নিহতসকলৰ প্ৰতি জনাই আহিছে শ্ৰদ্ধাঞ্জলি ।  

এই উপলক্ষ্যত আজি ডিক্ৰং দলঙৰ পুঁৱ দিশত সেই দিনটোত মৃত্যু হোৱাসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আত্মাৰ সদগতিৰ হকে শোকসভা অনুষ্ঠিত কৰাৰ অন্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয় ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অঞ্চলটোৰ কেইবাখনো শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠান, সংস্থা সংগঠনৰ বিষয়ববীয়া তথা ৰাইজে অংশগ্ৰহণ কৰে ৷ 

লগতে পঢ়ক:Rajen Gohain: মই এতিয়া মুক্ত; দিল্লীৰ পৰা আহি ক’লে ৰাজেন গোহাঁইয়ে

ABOUT THE AUTHOR

...view details