অসম

assam

উমাকান্ত বৈৰাগীৰ মৃত্যুত ৰাজ্যজুৰি শোক

ETV Bharat / videos

Tribute to Umakanta Bairagi: খোৱাঙত টোকাৰী গীতৰ সম্ৰাটলৈ শ্ৰদ্ধাঞ্জলি দল সংগঠনৰ - খোৱাঙত টোকাৰী গীতৰ সম্ৰাটলৈ শ্ৰদ্ধাঞ্জলি

By

Published : Jul 27, 2023, 12:54 PM IST

মৰাণ, ২৭ জুলাই:টোকাৰী গীতৰ সাধনা কৰি ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা উমাকান্ত বৈৰাগীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে । টোকাৰী গীতৰ সম্ৰাট, লোক সংস্কৃতিৰ সাধক, সংগীত নাটক অকাডেমি বঁটা প্ৰাপক উমাকান্ত বৈৰাগীৰ বুধবাৰে পুৱা দেহাৱসান ঘটে । প্ৰয়াত শিল্পী গৰাকীৰ প্ৰতি সন্মান জনাই কালি সন্ধিয়া মৰাণৰ খোৱাং চাৰিআলিত টাই আহোম যুৱ পৰিষদ মৰাণ মহকুমা সমিতি আৰু খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই পৃথকে পৃথকে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।  

উল্লেখ্য় যে, শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে ডিব্ৰুগড় জিলাৰ খোৱাং সৰগফলা দিখাৰী কিনাৰ চাউলখোৱা গাঁ‌ৱত থকা উমাকান্ত বৈৰাগীৰ জন্মগৃহত পৰিয়ালৰ লোকে শিল্পীজনে গাঁৱত কটোৱা অতীত সুঁৱৰি দুখত ভাগি পৰে । ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত টোকাৰী গীত পৰিৱেশন কৰি জনপ্ৰিয় হৈ পৰা উমাকান্ত বৈৰাগীয়ে ল'ৰালি বয়সৰ পৰাই টোকাৰী গীতৰ সৈতে জড়িত আছিল । প্ৰথম অৱস্থাত ডিব্ৰুগড়ৰ খোৱাং অঞ্চলৰ বিভিন্ন অনুষ্ঠানত টোকাৰী গীত পৰিৱেশন কৰিছিল যদিও পিছলৈ অসমৰ বিভিন্ন স্থানত টোকাৰী গীত পৰিৱেশ কৰি ৰাইজৰ মাজত পৰিচিত হৈছিল ।  

লগতে পঢ়ক:Umakanta Bairagi passes away: উমাকান্ত বৈৰাগীৰ খোৱাঙৰ বাসগৃহতো শোকৰ ছাঁ

ABOUT THE AUTHOR

...view details