অসম

assam

By

Published : Jan 10, 2023, 6:58 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / videos

Tribute to martyred farmers: ৰঙিয়াত শ্বহীদ কৃষকলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ৰঙিয়াৰ ঐতিহ্যমণ্ডিত কৃষক শ্বহীদ ভৱনত কৃষকসকলৰ চৰম ত‍্যাগক মৰ্যাদা দি বছৰেকীয়া উৎসৱ পালন (Tribute to martyred farmers)। ১৮৯৪ চনৰ ১০ জানুৱাৰীত বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ হৈছিল ঐতিহাসিক ৰঙিয়াত । সেইদিনাই ৰঙিয়াত ৰাইজমেল বহিছিল । বৃটিছে কৃষকৰ ওপৰত অন‍্যায়ভাৱে জাপি দিয়া খাজনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ৰঙিয়াৰ কৃষকসকলে (Raij mel in Rangia)। সেই বিদ্ৰোহ দমন কৰিবলৈ ইংৰাজ সকলে গুলীচালনা কৰিছিল । যাৰ ফলত শ্বহীদ হৈছিল কেইবাজনো কৃষক (Martyred farmers in Rangia)। সেই কৃষকসকলৰ চৰম ত‍্যাগক মৰ্যাদা দি তেতিয়াৰ পৰাই ১০ জানুৱাৰীৰ দিনটোত ৰাইজমেলৰ বছৰেকীয়া উৎসৱ পালন কৰি আহিছে ৰঙিয়াবাসী ৰাইজে । মঙলবাৰে ৰঙিয়াৰ ঐতিহ্যমণ্ডিত কৃষক শ্বহীদ ভৱন প্ৰাংগনত সেই মহান শ্বহীদসকলক শ্ৰদ্ধা জনোৱা হয় । অনুষ্ঠানটোৰ লগত সংগতি ৰাখি কৃষক আন্দোলনৰ বীৰ যোদ্ধাসকলৰ নাম আৰু ফলক উন্মোচন কৰে ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই (Rajya Sabha MP Bhubaneshwar Kalita) । এই উপলক্ষে অনুস্থিত এক সভাত সেই দৃঢ়মনা কৃষকসকলৰ অন‍্যায়ৰ বিৰুদ্ধে যুঁজাৰ যি মানসিকতা, সেই মানসিকতাক সগৌৰৱে সোঁৱৰণ কৰা হয় । ৰাজ‍্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ সভাপতিত্বত অনুস্থিত সভাখনত ৰঙিয়াৰ বিশিষ্ট লোকসকলে ৰঙিয়াৰ সেই কৃষকসকল সকলোৰে গৌৰৱৰ প্ৰতীক বুলি মন্তব্য কৰে । সাংসদ ভূৱনেশ্বৰ কলিতাই কৃষক শ্বহীদ ভৱনৰ লগতে শ্বহীদ স্তম্ভটো এক জাকত জিলিকা অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে । বছৰেকীয়া উৎসৱ উপলক্ষে প্ৰকাশ কৰা ৰঙিয়াৰ ৰাইজমেল সম্পৰ্কীয় পত্ৰিকাও উন্মোচন কৰে সাংসদ কলিতাই ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details