অসম

assam

মৃতপ্ৰায় অৱস্থাত জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলৰ গছ-গছনিসমূহ

ETV Bharat / videos

মৃতপ্ৰায় অৱস্থাত জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলৰ গছ-গছনিসমূহ - Poba Reserve Forest

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 12:20 PM IST

জোনাই, ১১ ডিচেম্বৰ: ধেমাজি জিলাৰ জোনাইস্থিত একমাত্ৰ সংৰক্ষিত পবা বনাঞ্চললৈ অশনি সংকেত ৷  বনাঞ্চলখনৰ গছ-গছনিসমূহ অস্বাভাৱিকভাৱে মৃতপ্ৰায় হৈ পৰাত চিন্তিত হৈ পৰিছে একাংশ প্ৰকৃতিপ্ৰেমী ৷ 

প্ৰকৃতিপ্ৰেমীসকলে কয় যে, যি সময়ত পবা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য হিচাপে ঘোষণাৰ কৰাৰ বাবে বিভিন্ন দল-সংগঠনে দাবী উত্থাপন কৰি আহিছে, তেনে সময়তে জিলাখনৰ একমাত্ৰ বনাঞ্চলখনৰ উদ্ভিদসমূহ শুকাই যাবলৈ ধৰাটো খুবেই চিন্তনীয় বিষয় হিচাপে পৰিগণিত হৈছে। ইফালে বনাঞ্চলখন যদিহে এনেদৰে ধ্বংসস্থললৈ পৰ্যবসিত হয় তেন্তে বনাঞ্চলখনৰ দাঁতি কাষৰীয়া অঞ্চলত থকা পৰিয়ালসমূহৰ জীৱিকা, বনাঞ্চলখনত থকা জীৱ-জন্তুসমূহে ভয়ংকৰ ভাবুকিৰ সন্মুখীন হ’ব ৷

উল্লেখ্য যে, বিগত কিছু বছৰৰ পৰা চিয়াং লালী নদীৰ জলস্তৰ অস্বাভাৱিকভাৱে শুকাই যোৱাৰ ফলত নদীখনৰ কাষতে অৱস্থিত পবা বনাঞ্চলৰ গছ-গছনিসমূহ ক্ৰমাৎ শুকাই যোৱাৰ সন্দেহ কৰিছে প্ৰকৃতিপ্ৰেমীসকলে। গতিকে অসম চৰকাৰৰ লগতে বিভিন্ন বিশেষজ্ঞসকলৰ তদন্তৰ জৰিয়তে এই অকল্পনীয় পৰিৱেশৰ শীঘ্ৰে সমাধানৰ আহ্বান জনাইছে প্ৰকৃতিপ্ৰেমীসকলে ৷

লগতে পঢ়ক:নটসূৰ্যৰ উদ্যোগত সপ্তবিংশতিতম্ পাঁচদিনীয়া বাৰ্ষিক নাট সমাৰোহ

ABOUT THE AUTHOR

...view details