অসম

assam

Tree Plantation in AIIMS Guwahati: বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে এইমছ গুৱাহাটীত 'এৰিডা'ৰ গছপুলি ৰোপন

By

Published : Jun 5, 2023, 10:35 PM IST

এইমছ গুৱাহাটীত গছপুলি ৰোপন

গুৱাহাটী,৫ জুন:সমগ্ৰ দেশৰ লগতে আজি অসমতো বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় ৷ বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে গছপুলি ৰোপন কাৰ্যসূচীৰ লগতে আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচীৰ (Tree Plantation Programme by AREIDA) ৷  

চাংস‍াৰিস্থিত এইমছ গুৱাহাটীতো সোমবাৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় ৷ আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ডেভেলপাৰ্ছ এছ'চিয়েচন চমুকৈ এৰিডাৰ উদ্যোগত আৰু এইমছ গুৱাহাটীৰ সহযোগত প্ৰতিষ্ঠানখনৰ চৌহদত বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে জলবায়ু পৰিবৰ্তন সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰাৰ লগতে বিশাল পৰিসৰত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Tree Plantation Programme by AREIDA in AIIMS) ৷  

অনুষ্ঠানত এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অশোক পৌৰাণিকে পৰিবেশ দিৱসৰ ওপৰত সজাগতামূলক ভাষণ প্ৰদান কৰে ৷ আনহাতে এৰিডাৰ সভাপতি পি কে শৰ্মাই গছপুলি ৰোপনৰ লগতে প্ৰতিপালনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে (Tree Plantation Programme) ৷ অনুষ্ঠানত এইমছ গুৱাহাটীৰ ডীন ড° দিশা বৰুৱা, ড° ৰূণমনি ডেকা, ড° মানসী ভট্টাচাৰ্য্যকে ধৰি এৰিডাৰ ভালেসংখ্যক বিষয়ববীয়া উপস্থিত আছিল (Tree Plantation in AIIMS Guwahati) ৷

লগতে পঢ়ক:JICA water pipe blast: পুনৰ শিলসাঁকোত ফাটিল জাইকাৰ পানীৰ পাইপ

ABOUT THE AUTHOR

...view details