আইন উলংঘাকাৰী চালকৰ বিৰুদ্ধে নিশা মৰিগাঁৱত অভিযান - মৰিগাঁও আৰক্ষীৰ যানবাহন শাখা
Published : Dec 23, 2023, 4:58 PM IST
মৰিগাঁও, 23 ডিচেম্বৰ : সুৰাপায়ী চালক, চীটবেল্ট নলগোৱা চালকৰ বিৰুদ্ধে মৰিগাঁৱত নিশা বৃহৎ অভিযান । সকলো চালকক ব্ৰেথ এনালাইজাৰে তন্নতন্নকৈ পৰীক্ষণ ৷ আৰক্ষী, চি আৰ পি এফৰ সহযোগত পৰিবহন বিভাগে চলায় উক্ত অভিযান । মনকৰিবলগীয়া যে দুৰ্ঘটনামুক্ত ৰাজ্য হিচাবে স্বীকৃতি লাভ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নিশা মৰিগাঁও জিলা পৰিবহণ বিভাগে মৰিগাঁও আৰক্ষীৰ যানবাহন শাখাৰ সহযোগত মৰিগাঁৱৰ ৰাজপথত অভিযান চলায় ।
বিশেষকৈ সুৰাপায়ী চালক, হেলমেট পৰিধান নকৰা বাইক আৰোহী, দ্ৰুতগতিত বাইক চলোৱা লোক, নথি-পত্ৰবিহীন বাহনৰ চালকৰ বিৰুদ্ধে এই অভিযান চলে ৷ কাৰ্যতঃ আগন্তুক 31 ডিচেম্বৰত পুৰণি বছৰ বিদায় আৰু 1 জানুৱাৰীত নৱবৰ্ষ আদৰাৰ নামত সুৰাপান কৰি যান-বাহন চলাই দুৰ্ঘটনাত পতিত হৈ যাতে পংগুত্বৰ জীৱন আকোঁৱালি ল'বলগীয়া নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিছে পৰিবহন বিভাগে ৷ উল্লেখ্য যে শুকুৰবাৰে নিশা মৰিগাঁও চহৰৰ মাজমজিয়াৰ সমান্তৰালকৈ জিলাখনৰ মিকিৰভেটা, জালুগুটি, মৈৰাবাৰী, লাহৰীঘাট, মায়ং, ভূৰাগাঁও, জাগীৰোড, নেলী,ধৰমতুল আদিত এই বৃহৎ অভিযান চলোৱা হয় ।