Training programme: মুছলপুৰত মহিলা আৰু শিশু বিকাশ কেন্দ্ৰৰ উদ্যোগত পুষ্টিহীনতাৰ ওপৰত প্ৰশিক্ষণ কাৰ্যসূচী - আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা
Published : Aug 25, 2023, 5:16 PM IST
বাক্সা, ২৫ আগষ্ট : শিশুৰ পুষ্টিহীনতা দূৰ কৰি শিশু এটিক সুস্থ-সবল কেনেকৈ কৰিব পাৰি ? শিশুৰ বিকাশ কেনেদৰে সম্ভৱপৰ হৈ উঠে ! শিশুৰ পুষ্টিৰ ওপৰত কেনেদৰে গুৰুত্ব দিব পাৰি । এনেবোৰ দিশ সামৰি চুপাৰভাইজাৰসকলক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্য বাক্সা জিলাৰ মুছলপুৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা প্ৰশিক্ষণৰ শুকুৰবাৰে সামৰণি পৰে ।
আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা ইউনিচেফ, বাক্সা জিলা মহিলা আৰু শিশু বিকাশ কেন্দ্ৰৰ উদ্যোগত আৰু বাক্সা জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত আয়োজিত কৰ্মশালাত বাক্সা জিলাৰ অতিৰিক্ত আয়ুক্ত জিতু কুমাৰ বৰ্মন, জিলা সমাজ কল্যাণ বিষয়া সীমান্ত প্ৰদীপ চৌধুৰী, ইউনিচেফৰ পুষ্টি পৰামৰ্শদাতা চানদ্বীপ শ্বেখ, প্ৰাৰ্থনা সোণোৱালকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আজিৰ এই কাৰ্যসূচীত জিলাখনৰ চুপাৰভাইজাৰ সকলৰ উপৰিও পোষণ দল, চি.দি.পি দলকে ধৰি কেবাটাও শিশু উন্নয়নমূলক দলৰ সদস্য উপস্থিত থাকে ৷
লগতে পঢ়ক:Anti tobacco drive: মৰিগাঁও জিলা আয়ুক্তই ৰাজপথত জ্বলালে ধঁপাত জাতীয় সামগ্ৰী