অসম

assam

বকোত লাইনচ্যুত হৈ মালবাহী ৰে’লৰ দুৰ্ঘটনা

ETV Bharat / videos

Train Accident: বকোত লাইনচ্যুত হৈ মালবাহী ৰে’লৰ দুৰ্ঘটনা - ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

By

Published : Jun 7, 2023, 5:46 PM IST

Updated : Jun 7, 2023, 8:17 PM IST

গুৱাহাটী, ৭ জুন :কালিকা লাগিছে ভাৰতীয় ৰে’ল সেৱাত (Train Accident in Assam) ৷ ইটোৰ পিচত সিটোকৈ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ৷ এইবাৰ পুনৰ বকোৰ শিংৰাত এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে  ৷ কামৰূপ জিলাৰ বকোৰ শিংৰা খলিহাত ঘটিছে এই ভয়ংকৰ অঘটন(Train accident at Boko)। বুধবাৰে দুপৰীয়া শিংৰাত লাইনচ্যুত হয় এখন মালবাহী ৰে’ল ৷ বঙাইগাঁৱৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল এই মালবাহী ৰে’লখন । দুৰ্ঘটনাটোত ৰে’লখনৰ প্ৰায় ১৫ টাৰো অধিক ডবা লাইনচ্যুত হয়।  

প্ৰাপ্ত তথ্য অনুযায়ী বুধবাৰে দিনৰ প্ৰায় তিনিমান বজাত কামাখ্যা-যোগীঘোপা ৰেলপথৰ বকোৰ খলিহা গাৱঁত অৱস্থিত শিংৰা ৰে’ল ষ্টেচনত দুৰ্ঘটনাগ্ৰস্ত হয় ৰে’লখনৰ ডবা কেইটা। বঙাইগাঁৱৰ পৰা গুৱাহাটী অভিমুখী গৈ থকা কয়লা পৰিবাহী ৰে’লখনে শিংৰা ৰে’ল ষ্টেচন অতিক্ৰম কৰাৰ পিচতে বিকট শব্দ কৰি ৰেলখনৰ মাজৰ এটাৰ পিচত আন এটা ডবা বাগৰি পৰে। আনহাতে কেইবাটাও ডবা ৰে’লখনৰ ইঞ্জিনৰ সৈতে লাগি বহু দুৰলৈ গুছি যায়। (Goods train derails in Boko)

এই ৰে’ল দুৰ্ঘটনাৰ পিছত শিংৰা ৰে’ল ষ্টেচনৰ মূল ট্ৰেকৰ লগতে নতুনকৈ বনাই থকা ট্ৰেকসমুহ বিধ্বস্ত হৈ পৰিছে। দুৰ্ঘটনাৰ পিচত গুৱাহাটীৰ পৰা গোৱালপাৰা হৈ চলাচল কৰিব লগা সকলো যাত্ৰীবাহী, দুৰণীবটীয়া দ্ৰুতগামী ৰে’ল তথা মালবাহী ৰে’লৰ চলাচল বন্ধ কৰি দিয়া হৈছে। ঘটনা সংঘটিত হোৱাৰ পিছত বকো আৰক্ষীৰ লগতে ৰে’ল বিভাগৰ উচ্চ পদস্থ বিষয়াসকল আহি উপস্থিত হৈয় ঘটনাস্থলীত। ৰে’ল দুৰ্ঘটনাটি কিদৰে সংঘটিত হ’ল সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই। 

স্থানীয় লোকৰ পৰা জানিব পৰামতে কিছুদিনৰ পৰা শিংৰা ৰে’ল ষ্টেচনৰ মূল ট্ৰেকৰ মেৰামতি কৰি থকাৰ লগতে নতুন ৰে’ল ট্ৰেকৰ কাম চলি আছে। নিৰ্মাণৰ কামৰ কিবা বিসংগতি হোৱাৰ বাবে এই ৰে’ল দুৰ্ঘটনাটো সংঘটিত হ’ব পাৰে বুলি স্থানীয় লোকসকলে সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে বৰ্তমানলৈ ৰে’ল বিভাগৰ কোনো বিষয়াই ঘটনা সম্পৰ্কত একো মন্তব্য প্ৰকাশ কৰা নাই।

লগতে পঢ়ক:Goods train derailed: ওড়িশাত মালবাহী ৰে’ল লাইনচ্যুত; চাৰিজনৰ মৃত্যু

Last Updated : Jun 7, 2023, 8:17 PM IST

ABOUT THE AUTHOR

...view details