অসম

assam

Kampur Police Death ৰাজীৱ বৰদলৈৰ ঘৰত শোকাকুল পৰিৱেশ

By

Published : Jun 20, 2022, 10:16 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

কামপুৰত শোকাৱহ অঘটন ৷ বাঢ়নী পানীত মৃত্যুৰ মুখত পৰা কনিষ্টবল ৰাজীৱ বৰদলৈৰ ঘৰত শোকাকুল পৰিৱেশ (Tragic situation at Rajib Bordoloi house) ৷ শনিবাৰে নিশা প্ৰায় 1 বজাত অপৰাধীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জ্বল কাকতীৰ লগতে কনিষ্টবল ৰাজীৱ বৰদলৈ বাঢ়নী পানীত উটি যায় (Kampur police death)৷ সোমবাৰে পুৱা কামপুৰৰ ফায়াৰ এণ্ড চাৰ্ভিচ বাহিনীৰ লোকে উদ্ধাৰ অভিযান চলাই মৃত অৱস্থাত ৰাজীৱ বৰদলৈ আৰু সমুজ্জ্বল কাকতীৰ মৃতদেহ উদ্ধাৰ কৰে (Rescue police dead body) ৷ এতিয়া এই খবৰে মৰ্মাহত কৰি তুলিছে কামপুৰবাসীক ৷ ৰাজীৱ বৰদলৈৰ ঘৰখনৰ একমাত্ৰ সন্তান আছিল৷ ঘৰখনৰ একমাত্ৰ ভৰসা আছিল ৰাজীৱ ৷ ৰাজীৱৰ মৃত্যুত কান্দোনত ভাগি পৰে মাতৃয়ে ৷ "সি ঘৰখন নিঠৰুৱা কৰি এৰি থৈ গ'ল ৷" ৰাজীৱৰ উপাৰ্জনেৰে যোৱা 12 বছৰ ধৰি ঘৰখন কোনোমতে চলি আছিল বুলি জনায় ওচৰ চুবুৰীয়াই ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details