অসম

assam

ঘাট মাউৰা হোৱা আঠমহীয়া শিশুক লৈ চিন্তিত স্থানীয় ৰাইজ

ETV Bharat / videos

Dead after consuming poisonous mushrooms : বিষাক্ত কাঠফুলাৰ বাবে ঘাট মাউৰা হোৱা আঠমহীয়া শিশুক লৈ চিন্তিত স্থানীয় ৰাইজ - বিষাক্ত কাঠফুলাৰ বাবে ঘাট মাউৰা হোৱা আঠমহীয়া শিশুক

By

Published : Apr 10, 2023, 1:30 PM IST

মেৰাপানী, 10 এপ্ৰিল : এটি মৰম লগা দেৱশিশু। জীৱনৰ ৰং ৰূপ একো বুজিব পৰা নৌহওঁতেই ঘাট মাউৰা হৈ পৰিল শিশুটি। মাতৃৰ দুগ্ধপানৰ পৰা বঞ্চিত শিশুটিৰ পিতৃ-মাতৃৰ বিয়োগৰ পাচতে কৰুণ পৰিস্থিতিয়ে বিৰাজ কৰিছে গোলাঘাট জিলাৰ মেৰাপানীত । কাঠফুলাৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ তৰালি বৰ্মন আৰু তেওঁৰ স্বামী প্ৰফুল্ল বৰ্মনৰো মৃত্যু হোৱাৰ পাচত শেষ নিশ্বাস ত্যাগ কৰিছিল তেওঁলোক সন্তান হেমন্ত বৰ্মনেও (Tragic mushroom incident at Merapani)। 

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা কণমানি হেমন্ত বৰ্মনৰ মৃতদেহ স্ব-গৃহ আহি পোৱাৰ পাচতেই কান্দোনত ভাঙি পৰিছে ওচৰ চুবুৰীয়া । ইফালে ঘাট মাউৰা হোৱা পৰিয়ালটোৰ ৮ মহীয়া সন্তানটোক লৈ বিপাঙত পৰিছে স্থানীয় ৰাইজ । উল্লেখ্য যে, প্ৰফুল্ল বৰ্মণৰ পিতৃ মাতৃও বহিঃৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন হৈ আছে বিগত এটা বছৰ ধৰি (Three dies after eating poisonous mushrooms in Golaghat) । 

সম্প্ৰতি এই আঠমহীয়া সন্তানটিৰ কোনে দায়িত্ব ল'ব তাক লৈ বিবুধিত পৰিছে গাঁওবাসী ।

লগতে পঢ়ক :Poisonous mushrooms reaction : বিষাক্ত কাঠফুলাৰ বাবেই নিঠৰুৱা হৈ পৰিল এটি আঠমহীয়া দেৱশিশু

ABOUT THE AUTHOR

...view details