অসম

assam

মৰিয়নিৰ নিউ সোণোৱাল চাহ বাগিচা

By

Published : Jul 16, 2023, 6:10 PM IST

ETV Bharat / videos

Tea worker injured: নিউ সোণোৱাল চাহ বাগিচাত অঘটন; শ্ৰমিকে হেৰুৱালে ভৰি

যোৰহাট ,১৬ জুলাই:ৰাজ্যৰ চাহ বাগিচা তথা ফেক্টৰীত কৰ্মৰত শ্ৰমিকৰ নিৰাপত্তাক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপিত হৈ আহিছে । তেওঁলোকৰ নিৰাপত্তা নোহোৱা বুলি অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে মৰিয়নিত সংঘটিত হ'ল এক অঘটন । মৰিয়নিৰ নিউ সোণোৱাল চাহ বাগিচাত অঘটন । দেওবাৰে পুৱা কলঘৰত কৰ্মৰত অৱস্থাত শ্ৰমিকে হেৰুৱালে এখন ভৰি । 

বাগিচাৰ কলঘৰৰ মেচিনত সোমাই এখন ভৰি হেৰুওৱা শ্রমিকজনৰ নাম মহেশ কোঁৱৰ বুলি জানিব পৰা গৈছে । লগে লগে শ্রমিকজনক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্য়ালয় হাস্পাতাললৈ লৈ প্রেৰণ কৰা হয় । পিচত তেওঁক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

উল্লেখ্য যে কিছুদিন পূৰ্বেও গহপুৰৰ দফলাগড় চাহ বাগিচাত বাগিচাৰ কলঘৰৰ মেচিনত সোমাই এজন শ্রমিকে কৰুণভাৱে মৃত্যুক আকোৱালি ল'ব লগা হৈছিল । মৃত শ্রমিকজনৰ নাম আছিল সুখমন মুণ্ডা । মেচিনত চাহপাত ঢালি থকা সময়তে সংঘটিত হৈছিল এই শোকাৱহ ঘটনা । চাহ বাগিচাৰ কলঘৰত প্ৰায়ে এনেধৰণৰ শোকাৱহ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে । এনে ঘটনাসমূহৰ বিষয়ে কেতিয়া কৰ্তৃপক্ষই মাত মাতিব বা সুৰক্ষাজনিত দিশটোত গুৰুত্ব দিব সেয়া আজি তাৰিখত লাখটকীয়া প্ৰশ্ন ।

লগতে পঢ়ক:Crime in Guwahati: অসমীয়া কোৱাৰ বাবেই গুৱাহাটীত বহিৰাগতই আক্ৰমণ কৰিলে যুৱকক 

For All Latest Updates

ABOUT THE AUTHOR

...view details