অসম

assam

মাতৃৰ মৃতদেহ চিতাত উঠাই পৰীক্ষাত বহিল কন্যা

ETV Bharat / videos

Tragic incident in Nalbari: এগৰাকী সাহসী কন্যা, মাতৃৰ মৃতদেহ চিতাত উঠাই পৰীক্ষাত বহিল কন্যা - Daughter sits in after mother death

By

Published : Mar 11, 2023, 10:26 PM IST

নলবাৰী, 11 মাৰ্চ: এগৰাকী সাহসী কন্যা ৷ জীৱন মানেই সংগ্ৰাম, এই বাক্যশাৰী সোনকালেই আয়ত্ব কৰিলে এইগৰাকী দুৰ্ভগীয়া যুৱতীয়ে ৷  আমি আমি আপোনালোকক ক’ব ওলাইছো এনে এগৰাকী যুৱতীৰ কথা যাৰ সাহসিকতাই আপোনাৰো চকু সেমেকাই তুলিব ৷ শনিবাৰে নলবাৰীৰ কেন্দুকুছিত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে (Tragic incident in Nalbari)। কেন্দুকুছি নিৱাসী মুনিন্দ্ৰ কলিতাৰ পত্নী কল্পনা কলিতা দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল ৷ 

শনিবাৰে পুৱাই কল্পনা কলিতাৰ মৃত্যু হয় ৷ ইফালে তেওঁৰ জ্যেষ্ঠ কন্যা প্ৰীয়া উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে ৷ সেই অনুসৰি প্ৰীয়াৰ আজি ল'জিক আৰু ফিলোছ'ফী বিষয়ৰ পৰীক্ষা আছিল ৷  মাতৃৰ মৃত্যুত ম্ৰিয়মান কন্যা প্ৰিয়াই নিজ মাতৃক চিতাত তুলি দৈৱিক নিয়ম পালন কৰাৰ লগতে পৰীক্ষাত বহি ছাত্ৰৰ ধৰ্মও পালন কৰে (Daughter sits in after mother death)।

এই ঘটনাত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলোয় ৷ কল্পনা কলিতাই নিজ স্বামী সহিতে পুত্ৰ ভাৰ্গৱ আৰু কন্যা প্ৰীয়াক ইহ সংসাৰত এৰি যায়। 

লগতে পঢ়ক:Jorhat murder case: তৰুণ দাসৰ পৰিয়ালক আজিও দিয়া নহ'ল মৃত্যুৰ প্ৰমাণপত্ৰ

ABOUT THE AUTHOR

...view details