উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ সমূহীয়া মৎস্য চিকাৰ - Bhogali Bihu 2024
Published : Jan 14, 2024, 12:49 PM IST
তেজপুৰ,১৪ জানুৱাৰী:আজি ভোগালীৰ উৰুকা । উদুলি-মুদুলি হৈ পৰিছে ৰাজ্যৰ চৌদিশ । মাছৰ বজাৰত গ্ৰাহকৰ ব্য়াপক ভিৰ । উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে প্ৰতিখন বজাৰত । পুৱতি নিশাৰে পৰা মন পচন্দৰ মাছ বিচাৰি ঢাপলি মেলিছে মাছৰ বজাৰসমূহলৈ । তেজপুৰৰ বিভিন্ন মাছৰ বজাৰতো গ্ৰাহকে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে ।
তেজপুৰ পৰুৱাৰ বজাৰ উভৈনদী হৈ পৰিছে বিভিন্ন ধৰণৰ মাছেৰে । তাৰ ভিতৰত চিতল, আঁৰি আৰু তেজপুৰৰ জিয়াভৰলী নদীৰ শিলঘৰীয়া । ৰৌ-ভকুৱাৰ মাছেও যথেষ্ট পৰিমাণে সমাদৰ লাভ কৰিছে । ৰৌ মাছৰ কেজি ৪০০-৫০০ টকা, চিতল মাছ কেজি ৫০০-১০০০ টকা দৰত বিক্রী হৈছে । আনহাতে শনিবাৰে আৰু উৰুকাৰ পুৱা তেজপুৰৰ কলিবাৰীত সমূহীয়া মাছ ধৰা পৰম্পৰাও অনুষ্ঠিত হয় । সকলোৰে আশা সন্ধিয়া ভেলাঘৰত এসাঁজ লগে ভাগে খাই আনন্দ লোৱাৰ । সমান্তৰাল ভাৱে পিঠা-পনা, ভোগালীৰ জলপান বনোৱাত ব্যস্ত হৈ পৰিছে সকলো ।