অসম

assam

বৰগুৰি ঐতিহাসিক সমন্বয় ক্ষেত্ৰ

ETV Bharat / videos

Garakhiya Bhog in Golaghat: খুমটাইত ৫০ হাজাৰ ভক্তই আগবঢ়ালে গৰখীয়া ভোগ

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 6:39 PM IST

গোলাঘাট, ২৯অক্টোবৰ :এজোপা শ শ বছৰ পুৰণি বৰগছ ৷ বৰগছজোপাক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছে বৰগুৰি ঐতিহাসিক সমন্বয় ক্ষেত্ৰ । আজি লোকাৰণ্য হৈ পৰে বৰগুৰি সমন্বয় ক্ষেত্ৰ ৷ প্ৰতি বছৰে কাতি মাহৰ কোনোবা এটা দেওবাৰে বৰগছজোপাৰ তলত বন্তি জ্বলাই গৰখীয়া ভোগৰ বাবে হাঁহ আৰু কোমোৰাৰে ভোগ আগবঢ়ালে মনৰ কামনা পূৰ্ণ হয় বুলি প্ৰবাদ আছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক আহি এই দিনটোত গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অকাঁমলুৱাৰ বৰগুৰি সমন্বয় ক্ষেত্ৰত গৰখীয়া ভোগ আগবঢ়ায় ৷  

আজি পুৱা তিনি বজাৰ পৰাই ভক্ত আহি সমন্বয় ক্ষেত্ৰত হাঁহ আৰু কোমোৰা আগবঢ়ায় ৷ উল্লেখ্য যে হাজাৰ হাজাৰ কোমোৰা আৰু হাঁহ ভক্তই আগবঢ়াইছে ভোগৰ বাবে ৷ শতাধিক ৰান্ধনিয়ে প্ৰস্তুত কৰে এই ভোগ ৷ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত সকলে আহি মনোকামনা সিদ্ধিৰ অৰ্থে আগবঢ়াইছে ভোগ ৷ আজিৰ দিনটোত প্ৰায় ৫০ হাজাৰ ভক্তৰ সমাগম হয় বুলি আয়োজক সকলে সদৰী কৰিছে ।

লগতে পঢ়ক:Kinnar death case update : আৰক্ষীৰ হাতত CCTV ভিজুৱেল, 28 অক্টোবৰত কি হৈছিল মহানগৰীত ?

ABOUT THE AUTHOR

...view details