অসম

assam

বৰগাঙত ইটাভাতাৰ অবৈধ খনন

ETV Bharat / videos

বৰগাঙত ইটাভাতাই খনন কৰা গাঁতত পৰি ট্ৰেক্টৰ চালকৰ মৃত্যু - Tragic incident in Bihali

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 8:42 PM IST

বিহালী, ৫ ডিচেম্বৰ :সোমবাৰে নিশা বিহালী সমষ্টিৰ বৰগাঙৰ কে কে বি ইটাভাটাত ট্ৰেক্টৰ দুৰ্ঘটনা হৈ এজন চালকৰ মৃত্যু হয় । মৃত চালকজন বৰগাং বৰকঠিয়াবাৰী পৱন নায়কৰ পুত্ৰ শুভ্ৰম নায়ক (২৮) । আদিবাসী ছাত্ৰ সন্থাৰ অভিযোগ অনুসৰি বিহালী সমষ্টিৰ বৰগাঙৰ কে কে বি নামৰ ইটাভাটাটোৰ মালিকে অবৈধভাৱে ভূমি খনন কৰাত দ' খাৱৈত ট্ৰেক্টৰ বাগৰি চালকজনৰ মৃত্যু হয় ।  

সংগঠনটোৰ অভিযোগ অনুসৰি কে কে বি ইটাভাতাটোৱে দীৰ্ঘদিন ধৰি অবৈধভাৱে নিশা কৃষি ভূমি খনন কৰি প্ৰকাণ্ড গাঁতৰ সৃষ্টি কৰিছে । লগতে এই কাৰ্যত টেক্টৰ ব্যৱহাৰ কৰি নিশা উক্ত স্থানৰ মাটি সৰবৰাহ কৰে ইটা নিৰ্মাণ কৰা স্থানলৈ । ফলত সোমবাৰে নিশা নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হৈ চালকজনৰ মৃত্যু হয়।

আনহাতে, সংগঠনটোৱে মৃত্যু হোৱা চালকজনৰ দৰিদ্ৰ পৰিয়ালটোক ইটাভাটাটোৰ মালিকে শীঘ্ৰে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে এক উচিত তদন্ত কৰি দোষীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে ।  

লগতে পঢ়ক:দুৰ্নীতিগ্ৰস্ত কোনো আৰক্ষীয়ে ৰেহাই নাপায়; পাণবজাৰ আৰক্ষী থানা পৰিদৰ্শন কৰি জি পি সিঙৰ

ABOUT THE AUTHOR

...view details