অসম

assam

কাৰাটে প্ৰতিযোগিতাত উজ্বলিল দেৰগাঁৱৰ খঙীয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ খেলুৱৈ

ETV Bharat / videos

টকিঅ’ৰ কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ দেৰগাঁৱৰ দুগৰাকী খেলুৱৈৰ

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 6:47 PM IST

গোলাঘাট, 12 জানুৱাৰী : JKS South Asia Karate Championship প্ৰতিযোগিতাত উজলিল দেৰগাঁৱৰ খঙীয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ খেলুৱৈ ৷ নতুন দিল্লীৰ তালকোটৰা ইনড’ৰ ষ্টেডিয়ামত 6 আৰু 7 জানুৱাৰীত অনুষ্ঠিত হোৱা JKS South Asia Karate Championship প্ৰতিযোগিতাত খঙীয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমী আৰু কাকডোঙা কেন্দ্ৰৰ 8 গৰাকী কাৰাটে খেলুৱৈয়ে অংশগ্ৰহণ কৰি অসম তথা দেৰগাঁৱলৈ সুনাম কঢিয়াই আনিবলৈ সক্ষম হৈছে ৷

ইফালে দুগৰাকী চাব জুনিয়ৰ শাখাৰ খেলুৱৈ ক্ৰমে ৰাণী হাজৰিকা আৰু উদ্দীপন দত্তই জাপানৰ টকীঅ’ত 25 পৰা ৩১ জুনত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে ৷ এই খবৰে আনন্দিত কৰিছে মুখ্য প্ৰশিক্ষক সঞ্জীৱ বৰা আৰু সহযোগী সকলক ৷ জাপানৰ টকীঅ’ত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দুয়োগৰাকী খেলুৱৈয়ে অসমলৈ সুনাম কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে তেওঁলোকে ৷  

লগতে পঢ়ক :ৰাষ্ট্ৰীয় স্কুৱে চেম্পিয়নশ্বীপত আঠটাকৈ পদক আঁজুৰিলে অসম সন্তানে

ABOUT THE AUTHOR

...view details