অসম

assam

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ দাৰাগাঁও

ETV Bharat / videos

Tourists Throng to Baksa's Daragaon: পৰ্যটকৰ লানি নিচিগা সোঁত বাক্সাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ দাৰাগাঁৱত

By

Published : Aug 1, 2023, 10:27 PM IST

বাক্সা 1 আগষ্ট: আপুনি বাক্সা জিলাৰ দাৰাগাঁৱলৈ গৈছে নে ! যদি যোৱাই নাই তেতিয়া হ’লে আপুনি বঞ্চিত হৈ আছে প্ৰাকৃতিক মনোমোহা দৃশ্য উপভোগৰ পৰা  ৷ সেই অঞ্চললৈ গলে আপুনিও ছিকিম, শ্বিলং অথবা দার্জিলিঙৰ দৰে অনুভূতি লাভ কৰিব ৷ উপভোগ কৰিব পাৰিব মনোমোহা প্ৰাকৃতিক দৃশ্য ৷ আহক আমি বাক্সা জিলাৰ সেই বিশেষ গাঁৱখনলৈ যাও‌ ।  

এয়া ভাৰত-ভূটান সীমান্তত থকা বাক্সাৰ দাৰাগাঁও  ৷ বাক্সাবাসীক প্রকৃতিয়ে স্বার্থহীন ভাবে দিছে অকৃত্রিম পৰিৱেশ । ভূটান পাহাৰৰ পৰা বৈ অহা দিৰিং নদীৰ নিৰ্মল জলধাৰাৰ বাবে ভাৰত-ভূটান সীমান্তৰ দাৰাগাঁৱলৈ পৰ্যটকক হাত বাউল দি মাতিছে ৷ এই মনোৰম পৰিৱেশ উপভোগ কৰিবলৈ দৈনিক সহস্ৰাধিক পৰ্যটক সমাগম হৈছে নতুনকৈ কৈ গঢ় লৈ উঠা পৰ্যটনস্থলী বাক্সাৰ দাৰাগাঁৱলৈ ।  মুছলপুৰ চহৰৰ সমীপৰ ভাৰত-ভূটান সীমান্তত নতুনকৈ গঢ় লৈ উঠা পৰ্যটনস্থলী দাৰাগাঁও সম্প্রতি বিভিন্ন দুঃসাহসিক ক্ৰীড়াৰেও জনপ্ৰিয় হৈ উঠিছে ।  

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰমা বা কদমতলৰ পৰা মুছলপুৰ-নিকাছী গড়কাপ্টানী পথেৰে আপুনিও যাব পাৰে দাৰাগাঁওলৈ  ৷ উল্লেখ্য যে বছৰটোৰ দুয়োটা ঋতুতেই পৰ্যটকৰ ভীৰ হোৱা পৰিলক্ষিত হৈছে উক্ত অঞ্চলটোত ৷ আনহাতে দাৰাগাঁৱৰ মনোমোহা পৰিৱেশ উপভোগ কৰি পৰ্যটকে ব্যক্ত কৰে নিজৰ অনুভৱ ৷  

ABOUT THE AUTHOR

...view details