Kaziranga National Park: কাজিৰঙা ভ্ৰমণলৈ অহা পৰ্যটকৰ অকাল মৃত্যু - Assam Tourism Development Corporation
কলিয়াবৰ, ২৪ মাৰ্চ :কাজিৰঙাৰ মনোমোহা সৌন্দৰ্য উপভোগ কৰিব আহি অকাল মৃত্যুক সাবটিলে এগৰাকী পৰ্যটকে (tourist died in Kaziranga) । কাজিৰঙাৰ পৰ্যটন নিবাসত ঘটে এই শোকাৱহ ঘটনাটো (tragic incident in Kaziranga national park) । হঠাতে অসুস্থ হৈ বহিঃৰাজ্যৰ পৰা অহা পৰ্যটকগৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে ।
জানিব পৰা মতে পৰ্যটকগৰাকীৰ নাম স্বপন কুমাৰ ভট্টাচাৰ্য (৭১) । কাজিৰঙা ভ্ৰমণলৈ আহি পৰ্যটকগৰাকীয়ে অসম পৰ্যটন উন্নয়ন নিগমৰ অধীনৰ অৰণ্য লজত বাহৰ পাতিছিল (Assam Tourism Development Corporation) । কিন্তু বৃহস্পতিবাৰে বিয়লি তেওঁ অসুস্থ হৈ পৰে । অসুস্থতা হেতুকে তেওঁক প্ৰথমতে কঁহৰা অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় ।
কিন্তু তেওঁৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰাত উন্নত চিকিৎসাৰ বাবে বোকাখাতলৈ প্ৰেৰণ কৰা হয় । তাতো শেষ ৰক্ষা নহ'ল পৰ্যটকগৰাকীৰ (tourist died at lodge of Kaziranga) । বোকাখাতত চিকিৎসকে ব্যক্তিজনক মৃত ঘোষণা কৰে । জানিব পৰা মতে, হোটেলত গা ধুই থকা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰে পৰ্যটকজন । তাৰ পিছতেই তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয় ।
অৱশ্যে তেওঁৰ কিহৰ কাৰণে মৃত্য হ'ল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই । মৃত্যুৰ প্ৰকৃত কাৰণ মৰোণোত্তৰ পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব বুলি চিকিৎসকে জানিবলৈ দিয়ে ।
লগতে পঢ়ক :Barpeta Love Jihad case: বৰপেটাৰ লাভ জিহাদক লৈ ৰাজনীতি হোৱাৰ অভিযোগ জিতু তালুকদাৰৰ