TMPK protest: বিহপুৰীয়াৰ সামুহিক চিকিৎসালয়ত প্ৰসূতি মৃত্যুৰ প্ৰতিবাদ TMPK ৰ - বিহপুৰীয়া আৰক্ষী উপস্থিত
বিহপুৰীয়াৰ সামুহিক চিকিৎসালয়ত TMPK ৰ বিষয়ববীয়াই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ শুকুৰবাৰে স্বপ্না দলে নামৰ এগৰাকী মহিলাই পুৱা 8.30 বজাতে প্ৰসৱ বেদনাত ভোগাত তেওঁৰ পৰিয়ালৰ লোকে বিহপুৰীয়াৰ 30 খন বিচনাযুক্ত সামুহিক চিকিৎসালয়খনত (Bihpuria Community Hospital)ভৰ্তি কৰে ৷ কিন্তু মহিলাগৰাকীক বিয়লি 4 বজালৈ চিকিৎসা নকৰি চিকিৎসালয়খনৰ নাৰ্ছসকলক দায়িত্ব দি চিকিৎসক সকলে ষ্টাফ ৰূমৰ পৰা ওলাই নাহে ৷ ফলত চিকিৎসাৰ অভাৱত মৃত্যু হয় প্ৰসূতিগৰাকীৰ (Maternal death at Bihpuria)৷ এই ঘটনাৰ পিছতে আজি সন্ধিয়া সংগঠনটোৰ বিষয়ববীয়াসকলে সন্ধিয়া চিকিৎসালয়খনত উপস্থিত হৈ টায়াৰ জ্বলাই আমাক ন্যায় লাগিবই, প্ৰফুল্ল বৰা মুৰ্দাবাদ, হনু সোণোৱাল মূৰ্দাবাদ আদি ধ্বনিৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে (TMPK protests at Bihpuria Community Hospital)৷ ইফালে প্ৰসূতিগৰাকীৰ আত্মীয়ই অভিযোগ কৰা অনুসৰি প্ৰসূতিগৰাকীক কোনো ধৰণৰ চিকিৎসা নকৰাৰ ফলত প্ৰসূতি গৰাকীৰ লগতে সন্তানটিও মৃত্যুমুখত পৰে ৷ TMPK ৰ বিষয়ববীয়া সকলে SDMO প্ৰফুল্ল বৰাৰ লগতে চিকিৎসক হনু সোণোৱালক অতি শীঘ্ৰে নিলম্বনৰ দাবী উত্থাপন কৰে ৷
Last Updated : Feb 3, 2023, 8:33 PM IST