TMC protest in Nalbari: জিলাৰ নাম সলনি হ’ল নলবাৰীৰ 10 খন গাঁৱৰ, চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ - Public protest in Nalbari against Assam govt
নলবাৰী জিলাৰ পৰা ১০ খনকৈ গাঁও কৰ্তন কৰি বাক্সা জিলাত অন্তৰ্ভুক্ত কৰাক লৈ আজিও অব্যাহত আছে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ (Village amalgamation in Nalbari) । বৃহস্পতিবাৰে নলবাৰীৰ আল্লিয়াত ৰিপুন বৰাৰ উপস্থিতিত তৃণমূল কংগ্ৰেছে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে । নিৰ্বাচন আয়োগৰ নিৰ্দেশত সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে নলবাৰীৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অধীনৰ ১০ খন গাঁও কৰ্তন কৰি বি টি আৰত অন্তৰ্ভুক্ত কৰা হৈছে ৷ ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে নলবাৰীত (TMC protest in Nalbari) । জিলাখনৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অধীনৰ বৃহত্তৰ আল্লিয়া অঞ্চলৰ ১০ খন গাঁও বাক্সা জিলাত অন্তৰ্ভুক্ত কৰাত আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠন আৰু ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে (Public protest in Nalbari against Assam govt) ৷ তাৰ মাজতে বৃহস্পতিবাৰে তৃণমূল কংগ্ৰেছৰ উদ্যোগত বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে । নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলটোৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি নাৰাখে বুলি কটাক্ষ কৰে । বি টি আৰত থকা লোকসকলৰ মৰ্মবেদনা উপলব্ধি নকৰি পুনৰ নলবাৰীৰ ১০ খন গাঁও বাক্সা জিলাত অন্তৰ্ভুক্ত কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে ৰিপুন বৰাই । প্ৰতিবাদকাৰী সকলে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদথলী ।
Last Updated : Feb 3, 2023, 8:38 PM IST