অসম

assam

দুৰ্গাপূজা কৰ সংগ্ৰহৰ বিৰোধিতা TMC ৰ

ETV Bharat / videos

Durga Puja tax: দুৰ্গাপূজা কৰ সংগ্ৰহৰ বিৰোধিতা TMC ৰ - Durga Puja tax

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 3:12 PM IST

গুৱাহাটী,২২ ছেপ্টেম্বৰ:এইবাৰ দুৰ্গাপূজা আয়োজক কমিটীবোৰে দুৰ্গাপূজা আয়োজন কৰাৰ বাবে ৰাজ্য চৰকাৰক দিব লাগিব কৰ । অসমত আগন্তুক দুৰ্গাপূজা আয়োজনকলৈ ৰাজ্য চৰকাৰে কৰ সংগ্ৰহৰ বাবে নতুন ব্যৱস্থা আৰম্ভ কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক হঠকাৰী আৰু জনবিৰোধী বুলি অভিযোগ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ।  

বৰাই কয় যে এইবাৰ দুৰ্গাপূজা আয়োজক কমিটীবোৰে দুৰ্গাপূজা আয়োজন কৰাৰ বাবে ৰাজ্য চৰকাৰক ৩০০ টকাকৈ কৰ আদায় দিব লাগিব । আকৌ দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জনৰ বাবে দুৰ্গাপূজা আয়োজন কৰা প্ৰতিখন কমিটীয়ে ১০০ টকাকৈ কৰ দিব লাগিব । দুৰ্গাপূজা আয়োজক কমিটীয়ে  এই কৰ Treasury ত challan কাটি দিব লাগিব । ৰিপুন বৰাই লগতে চৰকাৰক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰে ।  

লগতে পঢ়ক:Tense situation in Nagaon: পাকিস্তানী সদৃশ পতাকাক লৈ নগাঁৱত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details