অসম

assam

ETV Bharat / videos

TMC Assam pradesh Protest at Hojai: হোজাইৰ শংকৰদেৱ নগৰত তৃণমূল কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

By

Published : Jan 6, 2023, 10:22 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

হোজাইৰ শংকৰদেৱ নগৰত শুকুৰবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক সমিতিয়ে(TMC Assam pradesh Protest at Hojai) । সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত হোজাই জিলা বিলুপ্তিকৰণৰ চৰকাৰী সিদ্ধান্ত বাতিলৰ দাবীত তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মীসকলে শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে(TMC protest in front of Hojai DC office) । প্ৰতিবাদকাৰীসকলে চৰকাৰৰ এই সিদ্ধান্ত কোনোমতে মানি নোলোৱাৰ হুংকাৰ দি চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷ অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা নিজে প্ৰতিবাদথলীত উপস্থিত থাকি চৰকাৰৰ এই সিদ্ধান্ত কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যৱসায়িক চৰকাৰ চলাই আছে বুলিও তেওঁ কটাক্ষ কৰে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details