অসম

assam

ETV Bharat / videos

Arrested robbers gang : তিনিচুকীয়া আৰক্ষীৰ জালত পৰিল ১০ জনীয়া ডকাইতৰ দল - Crime increases in Tinsukia

By

Published : Dec 18, 2022, 9:04 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

তিনিচুকীয়া জিলাখনত কিছুদিন ধৰি বৃদ্ধি পাবলৈ ধৰিছে চুৰি, ডকাইতিৰ দৰে ঘটনাসমূহ (Crime increases in Tinsukia) ৷ ইয়াৰ মাজতে তিনিচুকীয়া আৰক্ষীয়ে মাকুম আৰক্ষীৰ সহযোগত শনিবাৰে লাভ কৰে এক বৃহৎ সাফল্য । তিনিচুকীয়াৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই জানিব দিয়া অনুসৰি, মাকুম হাপজানৰ এটা বাসগৃহত ডকাইতি কৰিবলৈ পৰিকল্পনা প্ৰস্তুত কৰিছিল তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ দহজন যুৱকৰ এটা বৃহৎ দলে ৷ কিন্তু দহ যুৱকৰ দলটোৰ পৰিকল্পনা আৰক্ষীয়ে আগতীয়াকৈ লাভ কৰিছিল ৷ ফলত আৰক্ষীৰ তৎপৰতাত শনিবাৰে আটক কৰিবলৈ সক্ষম হয় অভিযুক্ত দহ যুৱকক (Tinsukia police arrested robbers gang)৷ আটকাধীন দহ যুৱক ক্ৰমে লাইপুলিৰ অৰূপজ্যোতি বৰা, চামদাং চাহ বাগিছাৰ ক্ৰমে মনোজ প্ৰসাদ, অভিমান্যু তাঁতী, অমন তাঁতী, কাকপথাৰৰ মানৱ মৰাণ, শ্ৰীপুৰীয়াৰ কুশ দাস, দুৱাৰমৰা গাঁৱৰ মঞ্জিত শইকীয়া, তৰাজান গাঁৱৰ ধৰণী বৰা, যজ্ঞোখোৱা গাঁৱৰ ৰিদিপ বৰা আৰু চট’ হাপজানৰ চেলিম আনচাৰী ৷ অভিযুক্ত দহ যুৱকৰ পৰা আৰক্ষীয়ে AS23 L8166 আৰু AS23 AD9305 নম্বৰৰ দুখন বাহন জব্দ কৰিবলৈ সক্ষম হৈছে ৷ ইফালে মাকুম আৰক্ষী থানাত 188/2022 U/S 399 IPC নম্বৰত এক গোচৰ ৰুজু কৰি আটকাধীন দহ যুৱকক দেওবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে (Arrested robbers gang) ৷ আৰক্ষীৰ সন্দেহ, কিছুদিন পূৰ্বে চামদাং চাহ বাগিচাত সংঘটিত হোৱা ডকাইতি কাণ্ডটোৰ সৈতে এই দলটো জড়িত আছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details