বাইহাটা চাৰিআলিত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ - Baihata Chariali Police seized smuggled timber
ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling in Assam)। আৰক্ষী আৰু বন বিভাগৰ চকুৰ সন্মুখতে ৰাজ্যৰ মাজেৰে প্ৰতিদিনে বহিঃৰাজ্যলৈ কাঠৰ চোৰাং সৰবৰাহ হৈ আছে । অৱশ্যে ঠায়ে ঠায়ে বন বিভাগ আৰু আৰক্ষীৰ অভিযানত জব্দও হৈ আহিছে চোৰাং কাঠ । এইবাৰ বাইহাটা চাৰিআলি আৰক্ষীৰ সফল অভিযান । বাইহাটা আৰক্ষীৰ তালাচীৰ মাজতে জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ (Baihata Chariali Police seized smuggled timber)। AS-01-NC-8013 নম্বৰৰ কাঠ ভৰ্তি এখন ষোল্ল চকীয়া ট্ৰাক জব্দ কৰে আৰক্ষীয়ে । জানিব পৰা মতে কাঠখিনি ভাস্কৰ বৰা নামৰ এজন লোকৰ নেতৃত্বত অৰুণাচলৰ পৰা অনা হৈছিল । ভুৱা কাগজ পত্ৰৰে বন বিভাগক মেনেজ কৰি কাঠখিনি সৰবৰাহ কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে বাইহাটা আৰক্ষীয়ে ট্ৰাকৰ চালক আৰু কৰ্মচাৰীক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ।
Last Updated : Feb 3, 2023, 8:26 PM IST