Doul Mahostsav: বৰপেটা সত্ৰত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা - ৪০ টা চিচি কেমেৰা স্থাপন
বৰপেটা ৫ মাৰ্চ: সোমবাৰৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে আৰাম্ভ হ’ব বৰপেটা সত্ৰৰ দৌল মহোৎসৱ (Doul Mahostsav 2023) ৷ বৰপেটাৰ দৌল মহোৎসৱক লৈ ব্যাপক তৎপৰতা বৰপেটা আৰক্ষী প্ৰশাসনৰ (Tight security arrangements in Barpeta satra) ৷ বৰপেটাৰ দৌল মহোৎসৱত সমবেত হ’বলগীয়া লক্ষাধিক ভক্ত দৰ্শনাৰ্থীৰ সুৰক্ষাৰ বাবে বৰপেটা জিলা প্ৰশাসনে বিশেষ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বৰপেটাৰ উপ আৰক্ষী অধীক্ষক সমুদ্ৰ দপ্তৰ বৰুৱাই (DSP Samudra Daptar Baruah) দেওবাৰে কীৰ্তনঘৰত উপস্থিত হৈ সমগ্ৰ নিৰাপত্তামূলক ব্যৱস্থাৰ তদাৰক কৰে ৷
আৰক্ষী বিষয়াগৰাকীয়ে জনোৱামতে সত্ৰ চৌহদৰ বিভিন্ন স্থানত ৪০ টা চিচি কেমেৰা স্থাপন কৰা হৈছে ৷ ইপিনে বৰপেটা সত্ৰৰ দৌল মহোৎসৱলৈ অহা ভক্ত দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে তিনিটা স্থানত পাৰ্কিঙৰ ব্যৱস্থা কৰিছে ৷ সেইমতে বৰপেটাৰ ছায়াৰাম খেলপথাৰ, পৌৰসভাৰ খেলপথাৰ আৰু ৰাখাল থান পথাৰত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে ৷ বৰপেটা সত্ৰৰ বাছ আস্থানত VIP সকলৰ বাবে পাৰ্কিঙৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ দৌল মহোৎসৱ উপলক্ষে কীৰ্তনঘৰলৈ যোৱা ৮ টা পথত যান বাহন নিষিদ্ধ কৰি কেবল ৱাকিং জ'ন হিচাপে ঘোষণা কৰিছে বৰপেটা জিলা প্ৰশাসনে ৷
ইয়াৰোপৰি গলিয়াহাটীৰ শংকৰদেৱ বিদ্যা নিকেতন, ফুলগুৰি বাহা, দলাহাটী LP স্কুল, কুজিৰদহ হাটীৰ চ'ক, দক্ষিণহাটীৰ বিদ্যামন্দিৰ হাইস্কুলৰ পৰা সত্ৰৰ কীৰ্তন ঘৰলৈ যোৱা পথত যান বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰি ৱাকিং জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷ সত্ৰৰ চাৰিওদিশে অসম আৰক্ষীৰ লগতে CRPF জোৱানকো নিয়োগ কৰা হৈছে ৷ ইপিনে দৌল মহোৎসৱৰ সময়ত সুৰাপান কৰা লোকৰ ওপৰত আৰক্ষীয়ে বিশেষ নজৰ ৰাখিব বুলি উপ আৰক্ষী অধীক্ষকiৰাকীয়ে সদৰী কৰে ৷ কোনো লোকে যাতে সুৰাপান কৰি দৌল মহোৎসৱৰ পবিত্ৰতা ভংগ কৰিব নোৱাৰে তাৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিছে প্ৰশাসনে ৷
লগতে পঢ়ক:UNESCO World Heritage Site: বিশ্ব মানচিত্ৰত জিলিকিব চৰাইদেউ মৈদাম, চৰাইদেউবাসীৰ মনত উলাহৰ ধল