অসম

assam

By

Published : Jan 28, 2023, 7:37 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / videos

Tiger menace in Kaliabor : দিনদুপৰতে কলিয়াবৰত বাঘৰ ত্ৰাস

কলিয়াবৰ, 28 জানুৱাৰী :বন্যহস্তীৰ পাচত এইবাৰ কলিয়াবৰত ঢেকীয়াপতীয়া বাঘৰ ত্ৰাস (Tiger menace in Kaliabor)৷ দিনদুপৰতে বাঘৰ ত্ৰাসত ত্ৰস্তমান কলিয়াবৰৰ তপাহোলা গাঁওবাসী (Tiger terror in Kaliabor) ৷ জানিব পৰা মতে, হাতীমূৰা পাহাৰৰ পৰা নামি আহিছে এই ঢেকীয়াপতীয়া বাঘটো ৷ এই বাঘটোৱে তপাহোলা গাঁৱৰ এঘৰৰ পোহনীয়া গাহৰিৰ লগতে কেবাটাও পোহনীয়া জীৱ ইতিমধ্যে ভক্ষণ কৰিছে ৷

যাক লৈ এতিয়া শংকিত হৈ পৰিছে গাঁওবাসী ৷ ইফালে এই বাঘটো সন্দৰ্ভত খবৰ দিয়া হয় বন বিভাগৰ লোকক ৷ বনবিভাগৰ লগতে স্থানীয় ৰাইজৰ সহযোগিতাত বাঘটো পুনৰ পাহাৰৰ দিশে খেদি পঠোৱা হৈছে ৷ অৱশ্যে বন্যজীৱৰ ত্ৰাসত এতিয়াও শংকিত অঞ্চলবাসী ৷

লগতে পঢ়ক :Wild elephant terror in Kaliabor: কলিয়াবৰত পুনৰ ঘৰ-দুৱাৰ ভাঙি বন্যহস্তীয়ে চলালে উপদ্ৰৱ

উল্লেখ্য যে, কলিয়াবৰত দিনক দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ (Wild elephant terror in Kaliabor)। কিছুদিন পূৰ্বে কলিয়াবৰৰ বৰুৱা চুক গাঁৱত উপদ্ৰৱ চলাই বন্যহস্তীয়ে । এইবাৰ গাঁওখনৰ তিনিঘৰ লোকৰ ব্যাপক ক্ষতিসাধন কৰিলে বন্যহস্তীয়ে ।

পকাঘৰৰ দেৱাল, গ্ৰীল, খিৰিকী, চাইকেল, ভঁৰাল ঘৰ আদি ভাঙি যথেষ্ট ক্ষতিসাধন কৰে বন্যহস্তীয়ে (Wild elephants break down houses in Kaliabor) ৷ লগতে বৃহৎ পৰিমাণৰ ধান খাই নষ্ট কৰে । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে ধাৰাবাহিকভাৱে ত্ৰাসৰ সৃষ্টি কৰি আহিছে কলিয়াবৰৰ গ্ৰামাঞ্চলত । বন্যহস্তীৰ উপদ্ৰৱত নিতৌ বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে কলিয়াবৰৰ ৰাইজে ।

শেহতীয়াকৈ এই সন্দৰ্ভত ইটিভি ভাৰত অসমত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হৈ আহিছে যদিও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷

লগতে পঢ়ক :Four killed in leopard attack: নাহৰফুটুকীৰ ত্ৰাস ৰোধৰ বাবে কুঁহিয়াৰ খেতি চপোৱাৰ নিৰ্দেশ উপায়ুক্তৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details