Tiger Terror at Kaliabor : কলিয়াবৰত অব্যাহত বাঘৰ আতংক - tiger roaming open at Kaliabor
কলিয়াবৰ, ২৪ মাৰ্চ : কলিয়াবৰ চাহ বাগিচাত অব্যাহত আছে বাঘৰ আতংক (Tiger scare in Kaliabor tea estate) । বাগিচাখনৰ লালদাঙাত মানুহৰ ঘৰৰ পাছফালে বাঘৰ বিচৰণ । বৃহস্পতিবাৰে নিশা ঘৰৰ পিছফালে বাঘ প্ৰত্যক্ষ কৰিলে এগৰাকী মহিলাই । অৱশ্যে বাঘৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা কৰি পলায়ন কৰে মহিলাগৰাকীয়ে (tiger roaming open at Kaliabor) ।
কিন্তু পলায়ন কৰোঁতেই পিচল খাই পৰি আহত হয় মহিলাগৰাকী । ঘৰৰ পিচফালে বাচন-বৰ্তন ধুই থকা অৱস্থাত বাঘটো দেখি আতঙ্কিত হৈ পৰে মহিলাগৰাকী । পিছমুহূৰ্তত পলায়ন কৰোঁতেই এই ঘটনাটো সংঘটিত হয় (tiger terror at Kaliabor) । আহত মহিলাগৰাকীৰ নাম চম্পা কল । বাঁওহাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে মহিলাগৰাকী ।
আহত মহিলাগৰাকীক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । আনহাতে, ঘটনাৰ পাছত বন বিভাগলৈ ফোন কৰি সবিশেষ জনোৱাত বন বিভাগে পুৱাহে ঘটনাস্থালীত উপস্থিত হ'ব বুলি জনায় । উল্লেখ্য, শেহতীয়াকৈ বাঘৰ মুখৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰিছিল এজনী গৰু । দিন-দুপৰতে গৰু ধৰিবলৈ চেষ্টা কৰিছিল বাঘটোৱে ।
লগতে পঢ়ক :Kaziranga National Park: কাজিৰঙা ভ্ৰমণলৈ অহা পৰ্যটকৰ অকাল মৃত্যু