Tiger Terror in Teok: টীয়কৰ চাহ বাগিচাত বনৰজাৰ সান্ধ্যভ্ৰমণ - Tiger at Teok
টীয়কৰ ৰাজৈ অঞ্চলত এটা নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণৰ দৃশ্য বন্দী হৈছে কেমেৰাত (Tiger at Teok)। পুৱতি নিশা বাগিছাৰ চাহগছৰ মাজে মাজে কুঁৱলি ফালি বিচৰণ কৰি থকা দেখা গৈছে বাঘটোক । উল্লেখযোগ্য যে ৰাজৈ অঞ্চলটো বাগিচা অধ্যুষিত হোৱাৰ হেতুকে ইয়াত প্ৰায়েই বন্য জন্তুৰ মুক্ত বিচৰণ ৰাইজে প্ৰত্যক্ষ কৰি আহিছে ৷ তাৰোপৰি ৰাজৈ বাগিচাকে ধৰি বৃহৎ অঞ্চলটোত দীৰ্ঘদিন ধৰি বাঘে সন্ত্ৰাস চলাই পশুধন আদিৰো অনিষ্ট সাধন কৰি আহিছে (Tiger Terror in Teok)৷ বন্যহস্তীয়েও প্ৰায়েই তাণ্ডৱ চলাই যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
Last Updated : Feb 3, 2023, 8:33 PM IST