Storm in Nalbari: নলবাৰীত প্ৰিয়ংকা ভৰালী, কৃষ্ণমণি চুতীয়াৰ সংগীতানুষ্ঠানত অথন্তৰ - Storm Damage Bihu Stage in Nalbari
নলবাৰী, 19 এপ্ৰিল: নিশা অহা প্ৰচণ্ড-ধুমুহা বৰষুণে উৰুৱাই নিলে নলবাৰীৰ বিহু মঞ্চ | নলবাৰী আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী অঞ্চল হেলছাত নিশা ধুমুহাই লণ্ড-ভণ্ড কৰিলে বিহু মঞ্চ | হেলছা ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক সন্ধিয়াত কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী আৰু কৃষ্ণমনি চুতীয়াৰ অনুস্থানৰ পূৰ্ৱে সংঘটিত হয় এই অঘটন (Storm dampens Bihu in Nalbari)।
তেজপুৰৰ থেচপিয়ান সাংস্কৃতিক গোষ্ঠীয়ে অনুষ্ঠান পৰিৱেশন কৰি থাকোতেই ঘটিল এই অঘটনটো ৷ প্ৰতিকূল বতৰে নিমিষতে ভাঙি থান-বান কৰিলে বিহু মঞ্চ ৷ প্ৰচণ্ড ধুমুহাই মঞ্চ উৰুৱাই নিয়াৰ পিচতে এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় সাংস্কৃতিক অনুষ্ঠানটোত ৷ সৌভাগ্যক্ৰমে কোনো লোক হতাহতি হোৱাৰ পৰা ৰক্ষা পৰে যদিও , গোটেই নিশা দৰ্শক ৰাইজ আৰু শিল্পীসকলৰ আলৈ-আথানিৰ সৃষ্টি হয় (Storm Damage Bihu Stage in Nalbari) ৷
উল্লেখযোগ্য যে, ষষ্ঠদশ বাৰ্ষিক হেলছা ৰঙালী বিহু সন্মিলনৰ মঙলবাৰে নিশা আছিল অন্তিম কাৰ্যসূচী ৷ সমগ্ৰ পশ্চিম নলবাৰী আৰু বৰপেটা জিলাৰ হাজাৰ হাজাৰ লোক নিশা এই অনুষ্ঠানত উপস্থিত হৈছিল ৷ প্ৰতিকুল বতৰে বিধি-পথালি দিয়াত নিশাই প্ৰিয়ংকা ভৰালী আৰু কৃষ্ণমণি চুতীয়াৰ অনুষ্ঠান বাতিল কৰে আয়োজক সমিতিয়ে ৷ লগতে বতৰৰ এনে ৰূপ দেখি অনুষ্ঠানটো সফল কৰিব নোৱাৰাত দুখ প্ৰকাশ কৰে উদ্যোক্তাসকলে ৷
লগতে পঢ়ক:Himanta Biswa Sarma In Nalbari: নলবাৰীৰ ৰেষ্টুৰেন্টত চাহৰ আড্ডা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ