অসম

assam

ড্ৰাগছসহ তিনিজন যুৱকক আটক

ETV Bharat / videos

নৱবৰ্ষৰ দ্বিতীয় দিনটোত গোলাঘাট আৰক্ষীৰ বৃহৎ সাফল্য

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 10:07 PM IST

গোলাঘাট, 2 জানুৱাৰী :গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত AS 02 M 4685 নম্বৰৰ এল্ট’ বাহনেৰে ডিমাপুৰ দিশৰ পৰা আহি থকা অৱস্থাত নুমলীগড়ত বহা নিয়মীয়া তালাচীত বাহনখনৰ পৰা ড্ৰাগছসহ তিনিজন যুৱকক আটক কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষী । গোলাঘাটৰ অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত বহা এই তালাচীত তেওঁলোকে ড্ৰাগছৰ সৈতে যুৱক তিনিজনক আটক কৰে ৷ পাঁচটা চাবোনৰ বাকচত অতি কৌশলৰে লুকুৱাই অনা হৈছিল ড্ৰাগছখিনি ৷  ড্ৰাগছখিনিৰ ওজন প্ৰায় ৬৭. ৩২ গ্ৰাম হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

যুৱক তিনিজনৰ ঘৰ মৰিগাঁও জিলাত বুলি জানিব পৰা গৈছে । বৰ্তমান আৰক্ষীয়ে ড্ৰাগজ জব্দ কৰাৰ লগতে তিনিজন যুৱকক আটক কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

লগতে পঢ়ক :তেজপুৰত কন্টেনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক

ABOUT THE AUTHOR

...view details